ভুৱনেশ্বৰ কুমাৰৰ আচৰিত অভিলেখ ভংগ পাকিস্তানী খেলুৱৈৰ, ক্ৰিকেট জগতত চাঞ্চল্য
জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত পাকিস্তানে অতিকে সুন্দৰ বলিং কৰি মাথো ৫৭ ৰানতে ১০ উইকেট দখল কৰি জয়লাভ কৰে। পাকিস্তানৰ যুৱ বলাৰ চুফিয়ান মুকিমে বলিং কৰি ২.৪ অভাৰত মাথো ৩ ৰান দি ৫ উইকেট দখল কৰে। পাকিস্তানৰ হৈ চুফিয়ানৰ বাহিৰেও আব্বাছ আফ্ৰিদীয়ে ২টা উইকেট দখল কৰে।
এইদৰে চুফিয়ামে মাথো ৩ ৰান দি ৫ টা উইকেট দখক কৰাত এতিয়া ক্ৰিকেট জগতত তোলপাৰ লাগিছে। কিয়নো এই আচৰিত অভিলেখ কৰাটো ইমান সহজ নহয়। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ভাৰতীয় বলাৰ ভূৱেনেশ্বৰ নামত।
এতিয়া ভাৰতৰ ভুৱনেশ্বৰ কুমাৰৰ এই আচৰিত অভিলেখ ভংগ কৰিলে পাকিস্তানী বলাৰ ছুফিয়ান মুকীমে। ভুনেশ্বৰে ইয়াৰ পূৰ্বে ৪ অভাৰত মাথো ৪ ৰান খৰচ কৰি ৫ টা উইকেট দখল কৰিছিল। ২০২২ চনত আফগানিস্তানৰ বিৰুদ্ধে টি -২০ খেলত এই অভিলেখ গঢ়িছিল ভুৱনেশ্বৰে। এতিয়া সেই অভিলেখ ভংগ।
পাকিস্তানৰ ছুফিয়ামে ২.৪ অভাৰৰ উজ্জ্বল স্পেলত মাত্ৰ ৩ ৰান দি ৫ উইকেট দখল কৰে। যিটো টি-২০ ক্ৰিকেটত পাকিস্তানৰ বাবে এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শন। ২০০৯ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ প্ৰাক্তন বেগী বলাৰ উমৰ গুলে ৬ ৰান দি ৫ উইকেট দখল কৰা অভিলেখো অতিক্ৰম কৰে।
এইদৰে ক্ৰিকেটত সৰ্বনিম্ন ৰান দি ৫ উইকেট দখলকাৰীৰ তালিকাত ক্ৰমে-
শ্ৰীলংকাৰ ৰঙানা হেৰাথ – ২০১৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩ ৰান দি ৫ উইকেট
আফগানিস্তানৰ ৰছিদ খান – ২০১৭ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩ ৰান দি ৫ উইকেট
পাকিস্তানৰ চুফিয়ামৰ- ২০২৪ জিম্বাবুৱেৰ বিৰুদ্ধে৩ ৰান দি ৫ উইকেট
ভুৱনেশ্বৰ কুমাৰ ২০২২ আফগানিস্তানৰ বিৰুদ্ধে ৪ ৰান দি ৫ উইকেট
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ