কাইলৈৰ পৰা পেৰা অলিম্পিক, ভাৰতৰ পৰা ৮৪ খেলুৱৈ প্ৰেৰণ, কেইবাটাও স্বৰ্ণ পদকৰ আশা
পেৰিছ পেৰা অলিম্পিক ২০২৪ আৰম্ভ হ’বলৈ মাত্ৰ কেইঘণ্টামান বাকী আছে। পেৰালিম্পিক আয়োজন কৰিবলৈ সাজু হৈছে ফ্ৰান্সৰ ৰাজধানী। ২৮ আগষ্ট বুধবাৰ আজি নিশা অনুষ্ঠিত হ’ব পেৰালিম্পিকৰ মুকলি অনুষ্ঠান।
এইবাৰৰ এই পেৰা অলিম্পিকলৈ ভাৰতে প্ৰেৰণ কৰিছে ৮৪ জনীয়া এটা দল। এইটোৱেই হৈছে পেৰালিম্পিকত ভাৰতৰ সৰ্ববৃহৎ দল। এই খেলুৱৈসকলে মুঠ ১২ খন খেলত অংশগ্ৰহণ কৰিব।
৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব পেৰিছ পেৰালিম্পিক গেমছ। ভাৰতীয় সময় অনুসৰি বুধবাৰে নিশা ১১:৩০ বজাত মুকলি সভা অনুষ্ঠিত হ’ব। ২৯ আগষ্ট বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰম্ভ হ’ব ইয়াৰ মেচ। জিঅ’চিনেমাই পেৰালিম্পিক গেমছ পেৰিছ ২০২৪ লাইভ ষ্ট্ৰীম কৰিব।
১২ খন খেলত অংশগ্ৰহণ কৰা ভাৰতৰ চাৰিগৰাকী পেৰা এথলীট নিজ নিজ ক্ৰীড়াত চেম্পিয়ন। ইয়াৰ ভিতৰত আছে সুমিত এন্টিল (পুৰুষৰ জেভেলিন থ্ৰ’ ), কৃষ্ণ নগৰ (পুৰুষৰ বেডমিণ্টন ), মনীষ নৰৱাল (পুৰুষৰ শ্বুটিং ৫০ মিটাৰ পিষ্টল) আৰু অৱনী লেখাৰা (মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিং)।
বিগত বাৰৰ টকিঅ’ ২০২০ অলিম্পিক ভাৰতৰ বাবে সৰ্বাধিক সফল পেৰালিম্পিক আছিল য’ত ভাৰতীয় খেলুৱৈসকলে ৫টা সোণ, আঠটা ৰূপ আৰু ৬টা ব্ৰঞ্জকে ধৰি অভিলেখ ১৯টা পদক লাভ কৰিছিল। এইবাৰো কেইবাটাও সোণৰ পদক আশা কৰিছে ভাৰতীয় দলটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















