অসম লাইভ২৪ঃ তেওঁলোকৰ বিবাহৰ ডেৰমাহ সম্পূৰ্ণ হৈছে৷ বিবাহৰ পূৰ্বে প্ৰায় এবছৰ ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কত আছিল৷ ৰাঘৱ চাড্ডা আৰু পৰিণীতি চোপ্ৰা বৰ্তমান হীট যুঁটিৰ ভিতৰত অন্যতম এক যুটি৷ বৰ্তমান দুয়ো বিদেশত একেলগে সময় কটোৱাত ব্যস্ত৷ বিবাহৰ পাছতেই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত থকা বহু ছবি শ্বেয়াৰ কৰিছে পৰিণীতিয়ে৷ কিছুদিন পূৰ্বে পৰীৰ ওপজা দিনত সামাজিকমাধ্যম যোগে ৰাঘৱ চাড্ডাই শুভেচ্ছা জনাইছিল৷ এইবাৰ ৰাঘৱৰ ওপজাদিনতো পৰিণীতিয়ে বিশেষভাৱে স্বামীক শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে৷
স্বামী ৰাঘৱক ওপজা দিনৰ শুভেচ্ছা জনাই পৰিণীতিয়ে দিছে বিশেষ পোষ্ট৷ ৰাঘৱৰ জন্মদিনত কেইবাটাও ছিক্ৰেট ফাঁছ কৰিলে অভিনেত্ৰীগৰাকীয়ে৷ সামাজিক মাধ্যমত ৰাঘৱক ৰাঘাই বুলি সম্বোধন কৰি লিখিছে যে তেওঁ ৰাঘৱৰ সৈতে এই সম্পৰ্কত খুবেই সুখী৷ প্ৰকাশ্যে প্ৰেমৰ জাহিৰ নকৰিলেও এজনে আনজনৰ প্ৰেমত বাৰুকৈয়ে ডুবি থকাৰ কথা পৰিণীতিৰ বিশেষ পোষ্টটোতেই প্ৰতিফলিত হৈছে৷
স্বামী ৰাঘৱক উদ্দেশ্যি পৰিণীতিয়ে লিখিছে, ‘তোমাৰ মন আৰু বুদ্ধিয়ে মোক অবাক কৰে৷ তোমাৰ মূল্যবোধ, সততা আৰু বিশ্বাসে মোকো এগৰাকী ভাল মানুহ হোৱাৰ অনুপ্ৰাণিত কৰিছে৷ পৰিয়ালৰ প্ৰতি তোমাৰ দায়িত্ব, কৰ্তব্যবোধ দেখি নিজকে ভাগ্যৱতী বুলি ভাবিছো৷ এই বিশৃঙ্খল পৃথিৱীত তুমি সঁচায়ে এজন ভাল মানুহ৷ তুমি মোৰ বাবে এক ঔষধো৷ আজিৰ দিনটো মোৰ খুবেই প্ৰিয় এটা দিন৷ কাৰণ এই দিনটোতেই তুমি পৃথিৱীলৈ আহিছা৷ মোক সংগী হিচাপে বাচি লোৱাৰ বাবে অশেষ ধন্যবাদ৷’ উল্লেখ্য যে এই সময়ত দিল্লী-মুম্বাইলৈ সঘন আহ যাহ চলি আছে ৰাঘৱ পৰিণীতিৰ৷ মুম্বাইলৈ কামৰ খাতিৰত অহা যোৱা কৰি থাকিব লগা হয় পৰিণীতিয়ে৷ ইফালে ৰাঘৱ দিল্লীত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ