অসম লাইভ ২৪ঃ টুইটাৰৰ পাছত ফেচবুক আৰু গুগল কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰালয়। ২৯ জুনত ফেচবুক আৰু গুগলৰ সৈতে বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় চৰকাৰ। দুয়োটা ছ’চিয়েল মিডিয়া প্লেটফৰ্মলৈ চমন জাৰি কৰে সংসদীয় কমিটিয়ে। কংগ্ৰেছ সাংসদ শশী থাৰুৰ নেতৃত্বত অনুষ্ঠিত হ’ব এই বৈঠক। নাগৰিকৰ অধিকাৰ সুৰক্ষা আৰু অনলাইন নিউজ মিডিয়াৰ অপব্যৱহাৰ সন্দৰ্ভত অনুষ্ঠিত হ’ব এই বৈঠক। কেন্দ্ৰৰ নতুন IT নিয়মকলৈ চৰকাৰ আৰু ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ মাজত বিগত কিছুদিন ধৰি বিবাদ চলি আছে। উল্লেখ্য, টুইটাৰৰ বাদে ফেচবুক আৰু গুগলে নতুন IT নিয়মসমূহ সম্পূৰ্ণ মানি চলাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰৰ নিৰ্দেশ মানিবলৈ বৰ্তমানো অসন্মত টুইটাৰ কৰ্তৃপক্ষ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ