অসম লাইভ২৪ঃ অচিৰেই আহিব ভালখবৰটো! অৱশেষত কমিব পাৰে পেট্ৰল-ডিজেলৰ দাম। কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই জনোৱা অনুসৰি শীঘ্ৰেই কমিব পাৰে পেট্ৰল ডিজেলৰ দাম। বিগত এবছৰত বিদেশৰ পৰা আমদানী কৰা ক্ৰুইড অইলৰ দাম কমিছে যদিও পেট্ৰল-ডিজেলৰ দাম কমোৱা নাই কেন্দ্ৰীয় চৰকাৰে। এবছৰ পূৰ্বে ক্ৰুইড অইলৰ দাম আছিল প্ৰতি বেৰেলত ১২০ ডলাৰ। বৰ্তমান সেই দাম কমি হৈছেগৈ ৭০ ডলাৰ। মে মাহত ভাৰতত অশোধিত তেলৰ ৪৫ শতাংশই ৰাছিয়াৰ পৰা আমদানী কৰিছিল। এবছৰ পূৰ্বে মোদী চৰকাৰে পেট্ৰলত ৮ টকা আৰু ডিজেলত ৬ টকা শুল্ক কমাই দিছিল। তাৰপিছৰে পৰা আৰু কোনো শুল্ক কমোৱা নাই।
কৰ্ণাটকত বিজেপিৰ পতনৰ পাছতেই দেশত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি সন্দৰ্ভত পৰ্যালোচনা আৰম্ভ কৰিছে বিজেপি চৰকাৰে। চৰকাৰী এক সূত্ৰই এই কথা প্ৰকাশ কৰিলেও একাংশই আকৌ কৈছে, ৰাজনীতিৰ সৈতে এই বিষয়ৰ কোনো সম্পৰ্ক নাই। অশোধিত তেলৰ দাম হ্ৰাস হ’লেও ৰাছিয়াৰ পৰা সস্তাত অশোধিত তেল আমদানী কৰিলেও পেট্ৰল-ডিজেলৰ দাম কমাব পৰা নাযাব। কাৰণ পূৰ্বে অশোধিত তেল ক্ৰয়ত বহু ঘাটি এতিয়াৰ চৰকাৰে পূৰণ কৰি থাকিবলগা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ