অসম লাইভ২৪ঃ শুকুৰবাৰে সংঘটিত ট্ৰেইন দুৰ্ঘটনাৰ বিভীষিকা যেন এতিয়াও ক্ষাম কটা নাই। কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাৰ পাছত চালক দুজন কেনে আছে সেই সম্পৰ্কে জানিবলৈ বহুজনেই আগ্ৰহীও হৈ আছে। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছে চালক জে এন মোহান্তি আৰু সহকাৰী চালক এইচ বেহাৰাৰ। বৰ্তমান দুয়োগৰাকীয়েই ওড়িশাৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে।
ওড়িশাৰ এক সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি চালকজনৰ বাওঁ ভৰিখন সম্পূৰ্ণ চিঙি গৈছে। জ্ঞান ঘূৰাই পাইছে যদিও মানসিকভাৱে তেওঁ বৰ্তমানো সুস্থিৰ নহয়। মানসিকভাৱে বিধ্বস্ত হৈ পৰা চালক জে এন মোহান্তিক চিকিৎসকে প্ৰত্যেকসময়তেই পৰ্যবেক্ষণ কৰি আছে। ইফালে সহকাৰী চালকৰ অৱস্থাও অতি সংকটজনক। তেওঁক বৰ্তমানো আইচিইউত ৰখা হৈছে।
শুকুৰবাৰে সন্ধিয়া ৬ বাজি ৫৫ মিনিটত সংঘটিত দুৰ্ঘটনাটোত চেন্নাইগামী কৰমণ্ডল এক্সপ্ৰেছৰ ডবা লাইনচ্যুত হৈছিল। দুৰ্ঘটনাগ্ৰস্থ হৈছিল বাংগালুৰু-হাওৰা ছুপাৰফাৰ্ষ্ট এক্সপ্ৰেছো। দুৰ্ঘটনাত এখন মালবাহী ৰে’লৰ ওপৰত উঠি যায় কৰমণ্ডল এক্সপ্ৰেছৰ ডবা। বৰ্তমানলৈ দুৰ্ঘটনাটোত ২৮৮ গৰাকী লোকৰ মৃত্যু হৈছে। ৰে’ল দুৰ্ঘটনাৰ সমস্ত তদন্তৰ দায়িত্ব চিবিআইৰ হাতত তুলি দিছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ৰে’ল বৰ্ডৰ সদস্য জয়া বৰ্মা সিনহাই কৈছে, ‘চালকে জনোৱামতে দুৰ্ঘটনাৰ ঠিক আগতে লাইনৰ ছিগনেল গ্ৰীণেই পাইছিল। আপ লাইনৰ ছিগনেল গ্ৰীণ দেখিয়েই গাড়ী লুপ লাইন সোমাই যাওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাথমিকভাৱে আমি ভাৱিছো ইয়াত চালকৰ দোষ নাই। যশৱন্তপুৰ এক্সপ্ৰেছৰ টি টিয়ে জনাইছে যে পিছফালৰ পৰা তেওঁ বিকট চিঞৰ শুনা পাইছিল। তেতিয়াই বুজি উঠিছিল কিবা এটা হৈছে। এ-১ ডবাৰ দুটা পাৰ্টতেই গাৰ্ডসকল আছিল। সেই ডবা দুটাই প্ৰথম লাইনচ্যুত হয়।
দুৰ্ঘটনাৰ ৫১ ঘণ্টা পাছত দেওবাৰে নিশা ১০. ৪০ ত বালাছ’ৰৰ ৰেলপথত আকৌ মালবাহী ৰে’ল চলোৱা হৈছে। প্ৰথমে ডাউন লাইন দিয়েই মালবাহীখন পঠিওৱা হয়। তাৰপিছতেই আপ লাইনেৰেও নিশা প্ৰায় ১২.৫ ত আন এখন ট্ৰেইন পঠিওৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















