পিতৃপক্ষৰ শেষদিনা অৰ্থাৎ মহালয়াৰ দিনা কেৱল তৰ্পণেই নহয় আৰু কিছু কাম কৰিলে পূৰ্বপুৰুষৰ আত্মা তৃপ্ত হয় বুলি প্ৰচলিত বিশ্বাস৷ এই দিনটোত কিছু নিৰ্দিষ্ট ৰীতি নীতি মানি চলিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব আপুনি৷ তৰ্পণ অবিহনেও আপুনি এই ৫ কাম কৰিব পাৰে৷
এই ৫ কাম কি কি?
১. দুখীয়াক দান কৰক
মহালয়াৰ দিনাই দুখীয়া, অসহায় মানুহক অন্ন, বস্ত্ৰ বা অৰ্থ দান কৰা অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ বিশ্বাস কৰা হয় এই দানৰ ফলত পূৰ্বপুৰুষসকল সুখী হয়৷ যদি আপোনাৰ পক্ষে সম্ভৱ হয় তেন্তে এজন অভাৱী মানুহক এবেলাৰ আহাৰৰো আপুনি ব্যৱস্থা কৰি দিব পাৰে৷
2. ব্ৰাহ্মণক ভোজন কৰাওক
পণ্ডিত বা ব্ৰাহ্মণক ঘৰলৈ আনি ভোজন কৰোৱাটো এক প্ৰাচীন প্রথা৷ বহুতেই ধাৰণা কৰে, এই দিনটোত ব্ৰাহ্মণক ভোজন কৰোৱালে পূৰ্বপুৰুষৰ আত্মাই শান্তি পায়৷ ভোজনৰ পাছত ব্ৰাহ্মণক কিছু অৰ্থ বা নতুন বস্ত্ৰ দান কৰিলে ফল আৰু বেছিকৈ পোৱা যায়৷
৩. গৰু আৰু কুকুৰক খাদ্য খোৱাওক
হিন্দুধৰ্মমতে গৰুক সেৱা কৰা অত্যন্ত পূণ্যৰ কাম৷ পিতৃপক্ষৰ শেষ দিনটোত গৰুক খাদ্য খোৱাওক৷ পুৰুপুৰুষ আপোনাৰ প্ৰতি তুষ্ট হব৷ ইয়াৰোপৰি কুকুৰকো খাদ্য খোৱাব পাৰে৷ পশুক খাদ্য দিলে তাৰপৰা পূৰ্বপুৰুষ তৃপ্ত হয় বুলি বিশ্বাস কৰা হয়৷
৪. আঁহত গছত পানী ঢালক
আঁহত গছক হিন্দু ধৰ্মত অত্যন্ত পবিত্ৰ বুলি ধাৰণা কৰা হয়৷ ধাৰণা কৰা হয় এই গছত পূৰ্বপুৰুষৰ আত্মাই বাস কৰে৷ সেয়ে মহালয়াৰ দিনাই আঁহত গছত পানী ঢালক আৰু তলত এগছ চাকি জ্বলোৱাটো অত্যন্ত শুভ৷
৫. গীতাপাঠ আৰু মন্ত্ৰজপ
এই বিশেষ দিনটোত ভাগৱত পাঠো কৰিব পাৰে৷ ওম শ্ৰী পিতৃদেৱায় নমঃ অথৱা ওম সৰ্ব পিতৃভ্যো নমঃ মন্ত্ৰ জপ কৰিলে পূৰ্বপুৰুষৰ আত্মাই শান্তি পায় আৰু আপোনাৰ প্ৰতি তেওঁলোকৰ আশীৰ্বাদ বৰ্ষিত হয়৷ এই মন্ত্ৰ জপ কৰিলে পূৰ্বপুৰুষৰ প্ৰতি আপোনাৰ ভক্তি প্ৰকাশ পাব আৰু তেওঁলোকৰ প্ৰতি আপোনাৰ সন্মান আৰু দৃঢ় হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















