অসম লাইভ ২৪ঃ ১৫০ কোটি নহয়, প্ৰকৃততে কামপুৰৰ ব্যৱসায়ী পীয়ুষ জৈনৰ ঘৰৰ পৰা আয়কৰ বিভাগে উদ্ধাৰ কৰে ২৫৭ কোটি টকা৷ ১৯ টা টকা গণনা কৰা মেছিনেৰে ৪০ ঘণ্টাজোৰা টকা গণনাৰ অন্তত অৱশেষত আয়কৰ বিভাগে জব্দ কৰে এই বৃহৎ পৰিমানৰ টকাখিনি৷ Director General of GST Intelligence(DGGI) ৰ এই অভিযানত জব্দ হৈছে ২৫৭ কোটি টকা, ২৫ কেজি সোণ, ২৫০ কেজি ৰূপ আৰু ৩০০ পাত ছাবি আৰু বহু মূল্যৱান সা-সামগ্ৰী আৰু ৯ ড্ৰাম চন্দন তেল৷ শনিবাৰৰ পৰা DGGIয়ে তালাচী চলাইছিল তথাকথিত আতৰ ব্যৱসায়ী পীয়ুষ জৈনৰ বাসগৃহত৷ পীয়ুষৰ কানপুৰৰ ঘৰ, কনৌজৰ ঘৰ আৰু আহমেদাবাদৰ ফেক্টৰীৰ পৰা উদ্ধাৰ কৰা হয় এই টকাখিনি৷ কিন্তু ৫ কোটি টকাৰ কোম্পানীৰ মালিক পীয়ুষ জৈনৰ ঘৰত কিদৰে উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ ধনৰাশি তাকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৌদিশে৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, পীয়ুষ জৈনৰ ৪০ টা কোম্পানী আছে আৰু ইয়াৰ দুটা মধ্য প্ৰাচ্যত আছে৷ আনহাতে IANSৰ নিউজ অনুসৰি, বহু বছৰ পূৰ্বৰে পৰা সোণ বিক্ৰী কৰি জমা কৰিছিল এই বৃহৎ পৰিমানৰ ধনৰাশি৷ তেওঁৰ পূৰ্বপুৰুষে ৪০০ কেজি সোণ এৰি থৈ যোৱাৰ কথাও উল্লেখ কৰিছে IANSৰ নিউজত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ