অসম লাইভ২৪ঃ অসমবাসীয়ে মেটমৰা উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। খানাপাৰাৰ পৰা কেইবাটাও বৃহৎ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ১১,৬০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প মুকলি কৰিলে প্রধানমন্ত্ৰী মোদীয়ে। বিজুলীৰ বিল শূণ্য কৰিবলৈ বিজেপি চৰকাৰ আগবাঢ়িছে বুলি খানাপাৰাৰ পৰা বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। এই প্ৰকল্পই অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহকো সংযোগ কৰিব।
পৰ্যটন আৰু স্বাস্থ্যৰ দিশতো বিকশিত হ’ব অসম বুলি ভাষণত উল্লেখ প্রধানমন্ত্ৰী মোদীৰ। মোদীয়ে ভাষণত লগতে কয়, ‘মা কামাখ্যা উত্তৰ পূবৰ পৰ্যটনৰ প্ৰৱেশ দুৱাৰ হৈ পৰিব। এতিয়া ভাৰতৰ স্থিতি সলনি হৈছে। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে সকলোতে উন্নয়ন কৰি গৈছে। বিগত ১০ বছৰত কলেজ, হাস্পতাল নিৰ্মাণত অভিলেখ গঢ়িছে চৰকাৰে। বিজেপি চৰকাৰৰ পূৰ্বে অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ আছিল। বিজেপি চৰকাৰ অহাৰ পাছত ৰাজ্যত ১২খন মেডিকেল কলেজ স্থাপন কৰা হ’ল। আমি ৪ কোটি নাগৰিকক পকী ঘৰ দিছো। আমি ঘৰে ঘৰে পানী আৰু বিজুলী দিয়াৰ চেষ্টা কৰিছোঁ। উজ্বলা আঁচনিৰ জৰিয়তে আমি মহিলাক সকাহ দিছো। দেশত নিবনুৱাই সংস্থাপন লাভ কৰিছে।
এতিয়া দেশৰ সকলোৱে অধিক উপাৰ্জন কৰিব পৰা হৈছে। ঐতিহাসিক স্থান সংৰক্ষণ কৰিবৰ বাবে বিজেপি চৰকাৰে কাম কৰিছে। এই ক্ষেত্ৰত অসমে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব। বিজেপি চৰকাৰে অসমৰ বিকাশত হ’বলগীয়া খৰচ ৪% বৃদ্ধি কৰিলে। বিগত ১০ বছৰত আমি ৬০০০ কিঃমিঃ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিলো। মোদীৰ গ্যেৰাণ্টী মানেই কাম সম্পূৰ্ণ কৰাৰ গ্যেৰাণ্টী। মোদীয়ে মহিলা, শিশু, নিবনুৱাক সহায় কৰাৰ প্ৰতিশ্ৰতি দিছে। বাজেটত চৰকাৰে আন্তঃগাঁথনিৰ নামত ১১ লাখ কোটি টকা ধাৰ্য কৰিছে। ২ কোটি মহিলাক লাখপতি দিদি বনোৱাৰ প্ৰতিশ্ৰুতি দিছিলো, এতিয়ালৈ আমি ১ কোটি মহিলাক লাখপতি দিদি কৰিছো। অংগনবড়ী আৰু আশাকৰ্মী সকলকো অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱা হৈছে।’অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অসমীয়াৰ আতিথ্য লাভ কৰি তেওঁ অতিকৈ সুখী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ