আন্তৰ্জাতিক নাৰী দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত তুলি ধৰিলে ৬ নাৰীৰ কাহিনী৷ ৬গৰাকী ভিন্নধৰ্মীৰ যুঁজৰ গল্প এই দিনটোত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছে তেওঁৰ সামাজিক মাধ্যমত৷ দেশৰ বিভিন্ন অঞ্চলৰ পৰা অহা এই ৬জনীৰ জীৱনযাত্ৰাৰ কথাই এই দিনটোত প্ৰধানমন্ত্ৰীৰ পোষ্টত দেখা গৈছে৷ এই ৬গৰাকী মহিলা হৈছে চেন্নাইৰ বৈশালী ৰমেশবাবু, দিল্লীৰ ডক্টৰ অঞ্জলী আগৰৱাল, নালন্দাৰ অনিতা দেৱী, ভূৱনেশ্বৰৰ এলিনা মিশ্ৰ, ৰাজস্থানৰ অজৈতা শ্বাহ আৰু সাগৰৰ শিল্পী ছোনী৷
এলিনা মিশ্ৰ আৰু শিল্পী ছোনি
এলিনা মিশ্ৰ আৰু শিল্পী ছোনি দুই মহিলা বিজ্ঞানী৷ বৰ্তমান তেওঁলোকে অত্যাধুনিক গৱেষণা আৰু প্ৰযুক্তি পৰিচালনাৰ কামত নিযুক্ত৷ নাৰী দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ সামাজিক মাধ্যমত দেখা গ’ল তেওঁলোকৰ ছবি৷ প্ৰসংগত এলিনা মিশ্ৰই মুম্বাইৰ ভাৱা এটমিক ৰিচাৰ্ছ চেণ্টাৰৰ এগৰাকী পাৰমাণৱিক বিজ্ঞানী৷ অন্যহাতে শিল্পী ছোনি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী মহাকাশ বিজ্ঞানী৷
অজৈতা শ্বাহ
ফ্ৰণ্টিয়াৰ মাৰ্কেটছৰ প্ৰতিষ্ঠাতা আৰু চি ইঅ’ অজৈতা শ্বাহে ৩৫ হাজাৰৰো বেছি মহিলাক কাম কৰাৰ বাবে ডিজিটেল দুনীয়াত ব্যৱসায় চলাই নিয়াৰ বাবে সহায় কৰিছে৷ যাৰ সহায়ত সলনি হৈছে গ্ৰামীণ অৰ্থনীতিও৷ তেওঁপ উদ্যোগৰ মাধ্যমেৰে তেওঁ নাৰীসকলক স্বাৱলম্বী ব্যৱসায়ী হোৱাত সহায় কৰিছে৷ ইয়াৰোপৰি প্ৰয়োজনীয় পণ্য আৰু পৰিসেৱাৰ পৰিবেশক হিচাপে কাম কৰে এই সংস্থাই৷ গ্ৰামীণ অৰ্থনীতিত যি উল্লেখযোগ্য অৱদান তৈয়াৰ কৰিছে৷
বৈশালী ৰমেশবাবু
অনিতা দেবী
ডক্টৰ অঞ্জলি আগৰৱাল
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















