ৰাজ্যবাসীৰ বাবে অতি কৰুণ খবৰ৷ কবি, সমাজসেৱিকা মদিৰা শইকীয়া ভূঞাৰ আকস্মিক মৃত্যু ঘটিছে৷ সোমবাৰে হৃদৰোগত আক্ৰান্ত হৈ মদিৰা শইকীয়া ভূঞাই মৃত্যু আঁকোৱালি লয়৷
দুলীয়াজন অইলৰ আৱাসিক এলেকাৰ আৱাসত হঠাতে হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে কবিগৰাকীক দুলীয়াজান অইল হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷
প্রয়াত কবিগৰাকীয়ে মৃত্যুৰ সময়ত স্বামীৰ লগতে একমাত্র পুত্র তথা অগণন আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।
লগতে পঢ়ক ফ্লেটত অকলে আছিল যুৱতী৷ নিশা খাদ্য ডেলিভাৰী দিবলৈ আহি জ’মেটো বয়ে খালে চুমা৷ তাৰ পাছত…
মদিৰা শইকীয়া ভূঞাৰ মৃত্যুৱে সমগ্ৰ দুলীয়াজন অঞ্চলতে শোকৰ ছাঁ পেলাইছে৷ মৃত্যুৰ পূৰ্বে মদিৰা শইকীয়া ভূঞা দুলীয়াজানৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা নৰ সৈতে জড়িত আছিল৷
দুলীয়াজান লেখিকা সংস্থাৰ সম্পাদক, উত্তৰণ কবি চক্ৰৰ প্ৰাক্তন সম্পাদক, দুলীয়াজান সাহিত্য সভাৰ পত্ৰিকা সম্পাদক, সদৌ অসম কবি সন্মিলনৰ ডিজিটেল উপ-সমিতিৰ সম্পাদক, দুলীয়াজান ৰটাৰী ক্লাবৰ প্ৰাক্তন সভাপতি-সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল মদিৰা শইকীয়া ভূঞাই।
দুলীয়াজানৰ কেইবাটাও অনুষ্ঠান প্রতিষ্ঠানে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিচত দুলীয়াজানৰ টিপলিংস্থিত ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ