• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

3 weeks ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

14 minutes ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

14 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

14 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

15 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

16 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

16 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

17 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

17 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

18 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

সুৰা নিষিদ্ধ গুজৰাটত সুৰাৰ অবাধ প্ৰচলন!

editor by editor
August 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু
0
SHARES
626
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুজৰাটত সুৰা নিষিদ্ধ হোৱা সত্ত্বেও বিষাক্ত সুৰা সেৱনৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এতিয়ালৈকে এই ঘটনাত ৯জন লোকৰ মৃ*ত্যু হৈছে। শুকুৰবাৰে চুৰাটৰ বাসিন্দা সঞ্জয়সিংহ ডোডিয়া নামৰ এজন যুৱককো চিকিৎসকে ব্ৰেইন ডেড ঘোষণা কৰে। সঞ্জয়ে ১৬ আগষ্টৰ নিশা ভাবনগৰত হোৱা এটা সুৰাৰ পাৰ্টিত অংশ লৈছিল।
সুৰা সেৱন কৰাৰ পিছত সঞ্জয় নিশাই চুৰাটলৈ উভতি আহিছিল। কিন্তু পিছদিনা পুৱাই তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰে। তেওঁক চুৰাটৰ INS হাস্পতালত ভৰ্তি কৰোৱা হয়। যোৱা তিনিদিন ধৰি তেওঁ ভেণ্টিলেটৰত আছিল। বৃহস্পতিবাৰে নিশা সঞ্জয়ৰ হাৰ্ট এটেক হয় আৰু শুকুৰবাৰে পুৱা চিকিৎসকে তেওঁক ব্ৰেইন ডেড ঘোষণা কৰে। ভাবনগৰৰ বিভিন্ন হাস্পতালত বৰ্তমান বিষাক্ত সুৰা সেৱনৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ ২৫জন লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে ৫জনৰ অৱস্থা অতি সংকটজনক। সেয়ে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

১৬ আগষ্টৰ নিশা হৈছিল সুৰাৰ পাৰ্টি

এই ঘটনা ১৬ আগষ্টৰ নিশা ঘোঘাৰ খাৰকড়ী গাঁৱৰ পৰা আৰম্ভ হৈছিল। এজন যুৱকে আৰক্ষীত চাকৰি লাভ কৰাৰ আনন্দত সুৰাৰ পাৰ্টিৰ আয়োজন কৰিছিল। এই পাৰ্টিৰ বাবে ঘনশ্যাম নামৰ এজন সুৰা সৰবৰাহকাৰীৰ পৰা সুৰা অনা হৈছিল। অভিযোগ অনুসৰি, বিষাক্ত সুৰাখিনি বিদেশী সুৰাৰ বটলত ভৰাই বিক্ৰী কৰা হৈছিল। পাৰ্টিৰ পিছতে বহু লোক অসুস্থ হৈ পৰে। কিছুমান লোকৰ অৱস্থা ইমানেই দ্ৰুতগতিত বেয়া হৈছিল যে তেওঁলোকক হাস্পতাললৈ নিয়াৰ সুযোগো পোৱা নগ’ল। ভাবনগৰৰ তিনিজন যুৱকে ঘৰত বমি কৰি কৰি মৃ*ত্যুক সাৱটি লয়। স্থানীয় লোকসকলৰ দাবী অনুসৰি, এই বিষাক্ত সুৰা বহু গাঁৱলৈ সৰবৰাহ কৰা হৈছিল। পিছদিনা আন অঞ্চলতো একেধৰণৰ অসুস্থতাৰ ঘটনা পোহৰলৈ আহে।

বিষাক্ত সুৰা প্ৰস্তুত কৰা লোকজনৰো মৃত্যু

গুজৰাট আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত এতিয়ালৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ১৩জন ভাবনগৰৰ বাসিন্দা আৰু অবৈধ সুৰা সৰবৰাহৰ সৈতে জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এই ঘটনাৰ মূল অভিযুক্ত ৰইছ আৰু জুবেইৰ মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ বাসিন্দা। দুয়োজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তদন্তত মুৰেনাৰ বাসিন্দা নৰেন্দ্ৰ যাদৱ ওৰফে ‘ডাক্তৰ’ নামৰ এজন লোকৰ নামো পোহৰলৈ আহিছে। আৰক্ষীৰ মতে, ৰইছেই নৰেন্দ্ৰক অবৈধ সুৰা প্ৰস্তুত কৰিবলৈ গুজৰাটলৈ মাতিছিল। নৰেন্দ্ৰ আৰু তেওঁৰ সহযোগীসকলে ভাবনগৰৰ স্থানীয় সুৰা সৰবৰাহকাৰী গৌতম চোলংকীৰ সৈতে মিলি এই ভেজাল সুৰা প্ৰস্তুত কৰিছিল। সুৰা কাণ্ডৰ প্ৰায় তিনিদিন পূৰ্বে নৰেন্দ্ৰ আৰু তেওঁৰ সহযোগীসকলে বিষাক্ত সুৰাৰ ২৫টা কাৰ্টন প্ৰস্তুত কৰিছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে। এই সুৰা সেৱন কৰাৰ ফলতে বহু লোক অসুস্থ হৈ পৰে আৰু কেইবাজনো লোকৰ মৃত্যু হয়। আচৰিতভাৱে, নৰেন্দ্ৰ যাদৱেও সেই নকল সুৰা সেৱন কৰিছিল আৰু তেওঁৰো মৃত্যু হৈছে।

১৩টা সুৰাৰ কাৰ্টনৰ সন্ধান নাই

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, উজ্জয়িনীৰ পৰা ভাবনগৰলৈ মুঠ ২৮টা নকল সুৰাৰ কাৰ্টন অনা হৈছিল। ইয়াৰে ১৫টা কাৰ্টন উদ্ধাৰ কৰা হৈছে। কিন্তু বাকী ১৩টা কাৰ্টনৰ এতিয়াও সন্ধান পোৱা নাই। এই সুৰা বহু গাঁৱলৈ গৈ সৰবৰাহৰ আশংকাত প্ৰায় ১,০০০খন গাঁৱত সতৰ্কতা জাৰি কৰা হৈছে। প্ৰশাসনে লোকসকলক সন্দেহজনক সুৰা সেৱন নকৰিবলৈ সতৰ্ক কৰি দিছে।

ভাবনগৰ চহৰৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট কিশন বি. চান্দালিয়াই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে ১০জন লোকক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। আনহাতে, হাস্পতাললৈ অহা ১৮জন লোকক চিকিৎসকে পৰীক্ষা কৰে যদিও তেওঁলোকক ভৰ্তি কৰাৰ প্ৰয়োজন হোৱা নাছিল। বৰ্তমান প্ৰশাসনৰ চিকিৎসা দলে ঘটনাৰ সৈতে জড়িত লোকসকলৰ তথ্য সংগ্ৰহ কৰি পৰীক্ষা চলাই আছে। অসুস্থ লোকসকলৰ তেজৰ নমুনা ফৰেনছিক ছায়েন্স লেবৰেটৰী (FSL) আৰু আন পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। তদন্তৰ ফলাফলৰ পিছত নকল সুৰাত কি বিষাক্ত পদাৰ্থ আছিল, সেই বিষয়ে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alcoholasom live24gujrat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

September 13, 2026
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026 - Updated on September 13, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
Next Post
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃ-মাতৃৰ

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.