শ্বেয়াৰ মাৰ্কেট বা মিউচুৱেল ফাণ্ডচ মোটা টকা ৰিটাৰ্ণ পালেও তাত বিনিয়োগ কৰিবলৈ বহুজনেই ভয় কৰে৷ কাৰণ শ্বেয়াৰ মাৰ্কেট বা মিউছুৱেল ফাণ্ড সকলো সময়তেই মাৰ্কেট লিংক৷ বহুতেই বেছি ৰিটাৰ্ণৰ বাবে মিউচুৱেল ফাণ্ডত ধন ৰাখে যদিও বেছিসংখ্যকেই কিন্তু নিশ্চিত ৰিটাৰ্ণক গুৰুত্ব দিহে ধন বিনিয়োগ কৰে৷ নিশ্চিত ৰিটাৰ্ণৰ কথা মানেই নিৰ্ভৰযোগ্য বিনিয়োগৰ স্থান হৈছে পোষ্ট অফিচ৷
বৰ্তমান সময়ত নিৰাপদ বিনিয়োগৰ স্থান বুলিলেই মনলৈ আহে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট বা আৰ ডি৷ নিয়মিতভাৱে কম পৰিমানে ধন বিনিয়োগ কৰিও ভৱিষ্যতে ভাল ৰিটাৰ্ণ পাব পৰা মাধ্যম হৈছে আৰ ডি স্কিম৷ যিসকলে মাহে মাহে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিব খোজে আৰু সুদ লাভ কৰিব খোজে তেওঁলোকৰ বাবে এই স্কিম আদৰ্শ স্কিম৷
পোষ্ট অফিচৰ আৰ ডি ৫ বছৰৰ বাবে হয়৷ নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিলে নিৰ্ধাৰিত সুদৰ হাৰত ম্যাদৰ শেষত ভাল অংকৰ ৰিটাৰ্ণ পোৱা যায়৷ মাত্ৰ ১০০ টা প্ৰতিমাহে দি এই একাউণ্ট খুলিব পাৰে৷ ইয়াৰ পাছতেই আপুনি ২০০, ৩০০, ৫০০ লৈ এই অংক বঢ়াব পাৰে৷
বৰ্তমান পোষ্ট অফিচ আৰ ডি স্কিমে ৬.৭শতাংশ সুদ দিছে৷ আপুনি যদি এই স্কিমত প্ৰতি মাহে ৪২০০ টকাকৈ জমা কৰে তেন্তে ৬০ মাহৰ পাছত কিমাৰ টকা পাব? ৬.৭ শতাংশ সুদ হিচাপে ৬০ মাহত বিনিয়োগকাৰীয়ে লাভ কৰিব প্ৰায় ২,৯৯, ৭৩৬ টকা৷ আপুনি যিকোনো পোষ্ট অফিচলৈ গৈ IPPB (India Post Payments Bank) ৰ মাধ্যমেৰে একাউণ্ট খুলিব পাৰে৷ কে ৱাই চি অনুসৰি কিছু ডকুমেণ্টছ যেনে আধাৰ কাৰ্ড, পান কাৰ্ড, ঠিকনাৰ প্ৰমাণ লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ