ট্ৰেডিং জালিয়াতি, আঁচনি দিম বুলি ধন লোৱাৰ জালিয়াতি আদি দেশত ট্ৰেণ্ডিং খবৰ৷ কিন্তু এইবাৰ অন্য এক ধৰণৰ জালিয়াতিৰ চিকাৰ হৈছে বহু লোক৷ এইবাৰ জালিয়াতিৰ চিকাৰ হৈছে কেৱল পুৰুষসকল৷ ইয়াৰ নাম দিয়া হৈছে গৰ্ভধাৰণ কেলেংকাৰী৷ সম্প্ৰতি সন্মুখলৈ আহিছে এই জালিয়াতিৰ সমস্ত ঘটনা৷ মূলত ফেছবুকৰ জৰিয়তেই মেলিছে এই অপৰাধৰ জাল৷
ঘটনা মূলত কি?
কোনো এগৰাকী মহিলাক মাতৃত্বৰ স্বাদ দিব পাৰিলেই দিয়া হ’ব মোটা অংকৰ ধন৷ এই তথ্যৰেই প্ৰকাশ হৈছে বিজ্ঞাপন৷ বিভিন্ন পোষ্ট ভাইৰেল হৈ পৰিছে ফেছবুকত৷ বহু বেকাৰ যুৱকেই এই বিজ্ঞাপন দেখি আগ্ৰহ প্ৰকাশ কৰি সোমাই পৰিছে সেই জালত৷ তাৰপিছতেই আৰম্ভ হৈছে প্ৰতাৰণা৷ এনে প্ৰতাৰণাৰ জালত ভৰি দিয়া কেইবাজনো পুৰুষৰ কথোপকথনৰ অডিঅ’ ভাইৰেল হৈছে৷ এই প’ষ্টসমূহত কোৱা হৈছে কোনো ধনী ঘৰৰ মহিলাই মাতৃত্বৰ স্বাদ পোৱা নাই৷ কোনোৱে যদি তেওঁক মাতৃত্বৰ স্বাদ দিব পাৰে তেন্তে প্ৰচুৰ পৰিমানে ধন দিয়া হ’ব৷ আনকি সম্পত্তিৰ অংশও লিখি দিয়া হ’ব সেই ব্যক্তিক৷ এই বিজ্ঞাপনৰ সৈতে দিয়া হৈছে ফটোশ্বপত এডিট কৰা আকৰ্ষণীয় মহিলাৰ ফটো৷
বহুতেই এই প’ষ্ট দেখি আগ্ৰহীও হৈ পৰিছে৷ ইয়াৰ ফলত আৰম্ভ হৈছে স্কেমাৰৰ সৈতে কথোপকথন৷ আগ্ৰহীসকলক প্ৰথমে বুজোৱা হয় কেনেকৈ মহিলাৰ সৈতে যোগাযোগ কৰিব৷ তাৰপিছতেই আৰম্ভ কৰে মোক্ষম খেল৷ কোৱা হয় ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰবাবে ধন দিব লাগিব৷ ইয়াৰপাছতেই লজ্জাবশত প্ৰতাৰিত হৈয়ো মুখ বন্ধ ৰাখিছে এতিয়া বহু পুৰুষে৷
কিছুদিন পূৰ্বে এই বিষয়টোক লৈ এক অভিযোগনামা দাখিল হৈছে হাৰিয়ানাত৷ সেই ব্যক্তিয়েও জালত সোমাই ১লাখতকৈ বেছি ধন হেৰুৱাইছে৷ তেওঁক ২-৩মাহৰ ভিতৰত মহিলাগৰাকীক গৰ্ভধাৰণ কৰাব পাৰিলে ২০-৩০লাখ ধন দিয়া হ’ব বুলি প্ৰলোভন দেখুওৱা হৈছিল৷ সেই প্ৰলোভনত ভুল গৈয়েই ১লাখ ধন খৰচ কৰি ৰেজিষ্ট্ৰেছন কৰাইছিল যুৱকজনে৷ অৱশেষত ১লাখ হেৰুৱাই এতিয়া আৰক্ষীৰ কাষ চাপিছে হাৰিয়ানাৰ যুৱকজন৷ এই যুৱকৰ পৰাই আৰক্ষীয়ে লাভ কৰিছে প্ৰৱঞ্চনাৰ জাল মেলা বিশেষ দলটোৰ তথ্য৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ