আন এক নিৰ্ভয়া কাণ্ড, বাছ ষ্টেণ্ডত ৰখাই থোৱা বাছৰ ভিতৰতে…বহু সন্ধানৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ
দেশ তোলপাৰ লগোৱা আন এক নিৰ্ভয়া কাণ্ডৰ মূল অভিযুক্তক অৱশেষত আটক আৰক্ষীৰ। অভিযুক্তই বাছ ষ্টেণ্ডত ৰখাই থোৱা বাছৰ ভিতৰতে নিকৃষ্ট কাম কৰিছিল যুৱতীএগৰাকীৰ সৈতে।
মহাৰাষ্ট্ৰৰ পুনেৰ স্বৰ্গেট বাছ ষ্টেণ্ডত সংঘটিত হৈছিল এই ঘটনা। মহাৰাষ্ট্ৰ আৰক্ষীয়ে পুনেৰ শ্বিৰুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ধৰ্ষণৰ ৩৭ বৰ্ষীয় অভিযুক্ত দত্তত্ৰেয় ৰামদাস গাডেক।
তথ্য অনুসৰি আৰক্ষীৰ পৰা পলাই থকা অভিযুক্তই যোৱা নিশা নিজৰ চিনাকি এজনৰ ঘৰলৈ গৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল। কিন্তু সেই লোকজনেই অভিযুক্তৰ আগমনৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল। তথ্য লাভ কৰাৰ লগে লগে নিশা প্ৰায় ১.৩০ বজাত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
পুনে বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন বাছৰ ভিতৰত এগৰাকী ২৬ বছৰীয়া যুৱতীক ধৰ্ষণ কৰিছিল অভিযুক্ত দত্তত্ৰেয় ৰামদাস গাডে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ড্ৰ’ন আৰু ডগ স্কোয়াডো মোতায়েন কৰিছিল।
পুনেৰ গুনাট গাঁৱৰ বাসিন্দা গাডেক গ্ৰেপ্তাৰ কৰিবলৈ কমেও ১৩টা আৰক্ষীৰ দল গঠন কৰা হৈছিল। ৪৮ ঘণ্টাৰ পাছতো সফল হব পৰা নাছিল আৰক্ষী। যাৰ বাবে পুনে আৰক্ষীয়ে অভিযুক্তৰ সন্দৰ্ভত কোনো ব্যক্তিয়ে কোনো তথ্য প্ৰদান কৰিলে ১ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল।
অৱশেষত নিশা আৰক্ষীয়ে লাভ কৰে অভিযুক্তৰ উপস্থিতিৰ সম্ভেদ। লগে লগে পুনে চহৰ আৰু গ্ৰাম্য আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ ১০০ৰো অধিক আৰক্ষীক গুনাট গাঁৱলৈ প্ৰেৰণ কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে অভিযুক্ত গাডেৰ বিৰুদ্ধে পুনে আৰু অহিল্যানগৰ জিলাত চুৰি, ডকাইতি, শিকলি লুটকে ধৰি ডেৰ ডজন অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। কাৰাগাৰতো বন্দী হৈ আছিল অভিযুক্ত। কিন্তু ২০১৯ চনৰ পৰা জামিনত বাহিৰত আছিল অভিযুক্ত।
পাছে কি হৈছিল ঘটনাৰ দিনা ! পুনেৰ স্বৰ্গেট মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ অন্যতম বৃহৎ বাছ ষ্টেণ্ড। ইয়াত দুদিন পূৰ্বে এম এছ আৰ টি চিৰ শিৱ শ্বাহী বাছৰ ভিতৰত এগৰাকী মহিলাক ধৰ্ষণ কৰা হৈছিল। আৰক্ষীৰ তদন্তৰ সময়ত পোহৰলৈ আহিছিল অভিযুক্ত দত্তত্ৰেয় ৰামদাস গাডেৰ নাম।
২৫ ফেব্ৰুৱাৰে মঙলবাৰে পুৱা প্ৰায় ৫.৪৫ বজাত যুৱতীগৰাকীয়ে এখন প্লেটফৰ্মত সতৰা জিলাৰ ফাল্টন অভিমুখে বাছ এখনৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে অভিযুক্ত সেই স্থানলৈ আহি লাহে লাহে যুৱতীগৰাকীৰ লগত কথা পাতি সহজ হবলৈ ধৰে।
অভিযুক্তই ভুক্তভোগী যুৱতীগৰাকীক ‘দিদি’ বুলি সম্বোধন কৰি সতৰালৈ যোৱা বাছখন আনটো প্লেটফৰ্মত উপস্থিত হোৱা বুলি কয়। ইয়াৰ পিছত যুৱতীগৰাকীক ষ্টেণ্ড কেম্পাছৰ আন এক ঠাইত ৰখাই থোৱা এখন খালী ‘শিৱ শ্বাহী’ এ চি বাছলৈ লৈ যায়। বাছত প্ৰৱেশ কৰাৰ লগে লগে অভিযুক্তই যুৱতীগৰাকীৰ ওপৰত জোৰ-জবৰদস্তি কৰিবলৈ ধৰিলে।
ভুক্তভোগী যুৱতীৰ ভাষ্য গ্ৰহণৰ পাছতে আৰক্ষীয়ে তদন্ত কৰিছিল। আজি সেই পাষণ্ডক আদালতত হাজিৰ কৰোৱা হব। ৰাজ্য়খনৰ উপ-মুখ্যমন্ত্ৰীয়ে এই ঘটনাত গভীৰ চিন্তা ব্যক্ত কৰাৰ লগতে চৰকাৰৰ ফলাৰ পৰা অভিযুক্তক মৃত্যুদণ্ড দিয়াৰ বাবে চেষ্ঠা কৰিব বুলি মন্তব্য কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















