এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱালে এক অনাহূত বিপদৰ সন্মুখীন হৈছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ তৰা হৈছে৷
পঞ্জাৱৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা কেজৰিৱালৰ বিৰুদ্ধে খালিস্তানী বিচ্ছিন্নতাবাদীসকলৰ সৈতে সহযোগিতা কৰাৰ গুৰুতৰ অভিযযোগ উত্থাপন হৈছে৷ এই অভিযোগ উত্থাপন কৰি পঞ্জাৱ প্ৰদেশ কংগ্ৰেছে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মোহালিৰ এখন আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে৷
কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতে আম আদমিৰ প্ৰাক্তন নেতা কুমাৰ বিশ্বাসৰ উদ্ধৃতিৰে অভিযোগ দাখিল কৰি কয় যে বিশ্বাসে ২০১৭ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক খালিস্তানী বিচ্ছিন্নতাবাদীসকলৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল৷ কিন্তু অৰবিন্দ কেজৰিৱালে কুমাৰ বিশ্বাসৰ সেই সতৰ্ক বাণী উপেক্ষা কৰি খালিস্তানী বিচ্ছিন্নতাবাদীসকলৰহে পক্ষ লৈছিল বুলি দীক্ষিতে অভিযোগ কৰিছে৷
দীক্ষিতৰ অভিযোগ মতে কেজৰিৱালে খালিস্তানীসকলৰ বিচ্ছিন্নতাবাদী ধাৰণাটোক কেজৰিৱালে কোনোদিন বিৰোধিতা কৰা নাই৷
ইমানেই নহয় কুমাৰ বিশ্বাসৰ উদ্ধৃতিৰে কংগ্ৰেছ নেতা দীক্ষিতৰ মতে পঞ্জাৱ স্বাধীন ৰাষ্ট্ৰ হ’লে অৰবিন্দ কেজৰিৱালে তাৰ প্ৰধানমন্ত্ৰী হোৱাৰো সপোন দেখা বুলি বিস্ফোৰক অভিযোগ কৰিছে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰি সন্দীপ দীক্ষিতে কেজৰিৱালৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ তৰিছে৷
উল্লেখ্য যে পঞ্জাৱ নিৰ্বাচনত কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাই চূড়ান্ত শিখৰত আৰোহণ কৰিছে৷ আপে পঞ্জাৱত ক্ষমতা দখলৰ বাবে জীৱন মৰণৰ যুঁজ দিছে৷ ঠিক তেনে সময়তে একালৰ সহযোগী কুমাৰ বিশ্বাসে কেজৰিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি বিস্ফোৰণ ঘটাইছে৷ ইয়াৰ পিছতে কংগ্ৰেছ কেজৰিৱালৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হোৱা দেখা গৈছে৷
ইফালে ইয়াৰ পিছতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টিয়ে৷ আপ নেতা ৰাঘৱ চাধাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেজৰিৱালক আক্ৰমণ কৰাৰ বাবে কুমাৰ বিশ্বাসক তীব্ৰ সমালোচনা কৰিছে৷
ৰাঘৱে কয় যে কুমাৰ বিশ্বাসে যি ভিত্তিহীন, বিদ্বেষপূৰ্ণ, মনেসজা মন্তব্য কৰিছে সি কেৱল মানহানিকৰে নহয়, ইয়ে ঘৃণা, বিদ্বেষ বিয়পাই সমাজৰ ক্ষতি কৰিব৷ আৰু ই আপৰ বিৰুদ্ধে শত্ৰুতা সৃষ্টিৰ এক নিকৃষ্ট কৌশল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ