ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন কৰ্কট ৰোগত আক্ৰান্ত হৈছে৷ কৰ্কট ৰোগত আক্ৰান্ত হৈ ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ক্ষমতাও হস্তান্তৰ কৰিব৷ মাৰ্কিন সংবাদ পত্ৰ দ্য নিউয়ৰ্ক পোষ্ট-এ এই দাবী কৰিছে৷
ৰাছিয়াৰ চোৰাংচোৱা সংস্থাৰ এজন প্ৰাক্তন লেফটেনেণ্ট জেনেৰলৰ উদ্ধৃতিৰে দ্য নিউয়ৰ্ক পোষ্ট-এ দাবী কৰিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু অতি শীঘ্ৰেই তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব৷
অস্ত্ৰোপচাৰৰ কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতি পুটিনে অস্থায়ীভাৱে দেশখনৰ নিৰাপত্তা পৰিষদৰ সচিব নিকোলাই পাষ্ট্ৰুচেভক ক্ষমতা হস্তান্তৰ কৰিব বুলিও কোৱা হৈছে৷
লগতে পঢ়ক আকৌ ক্লীণ ব’ল্ড অৰুণ লাল, ৩৮ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ
প্ৰাক্তন চোৰাংচোৱা বিষয়াগৰাকীৰ পৰিচালিত এটা টেলিগ্ৰাম চেনেলৰ উদ্ধৃতিৰে সংবাদ সংস্থা এএনআই-এ প্ৰকাশ কৰিছে যে অস্ত্ৰোপচাৰৰ বাবে ৰাষ্ট্ৰপতি পুটিনে কিছুদিনৰ বাবে ক্ষমতাৰ পৰা আঁতৰি থাকিব লাগিব৷
ইফালে অতি সম্প্ৰতি ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ স্বাস্থ্যৰ অৱণতি ঘটিছে আৰু ৰাজহুৱাভাৱে তেওঁৰ অদ্ভুত আচৰণ কৰা বুলিও দ্য নিউয়ৰ্ক পোষ্ট-এ উল্লেখ কৰি কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰ্কট ৰোগৰ লগতে পাৰ্কিনছন ৰোগকে ধৰি আন বহুতো শাৰীৰিক সমস্যা আছে বুলিও বাতৰি প্ৰকাশ হৈ আহিছে।
অৱশ্যে, এজন মাৰ্কিন বিষয়াই কয় যে সংবাদ মাধ্যমত প্ৰকাশিত খবৰ এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ জন কাৰ্বিয়ে সোমবাৰে এই সম্পৰ্কে তেওঁলোকৰ হাতত নিশ্চিত খবৰ নাই বুলি প্ৰকাশ কৰিছে৷
লগতে পঢ়কLove Vs Money : ধন নে প্ৰেম, মানুহে জীৱনত কোনটো অধিক বিচাৰে?
ইফালে কিছুদিন আগতে পুটিনে নিকোলাই পাষ্ট্ৰুচেভৰ সৈতে দুঘণ্টা সময় কথা পাতিছিল বুলি দাবী কৰি দ্য নিউয়ৰ্ক পোষ্ট-এ এটা টেলিগ্ৰাম পোষ্টৰ উদ্ধৃতি দি কয়, ‘‘আমি সকলোৱে জানো, পুটিনে ইংগিত দিছিল যে তেওঁ পাষ্ট্ৰুচেভক তেওঁৰ একমাত্ৰ বিশ্বাসী আৰু বন্ধু বুলি বিবেচনা কৰে। একে সময়তে ৰাষ্ট্ৰপতিয়ে প্ৰতিশ্ৰুতি দিছিল যে যদি তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে, তেন্তে অস্থায়ীভাৱে ৰাষ্ট্ৰপতিৰ ক্ষমতা পাষ্ট্ৰুশ্চেভৰ হাতত অৰ্পণ কৰা হ’ব।’’
পুটিনৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰৰ বিষয়ে দাবী কৰা টেলিগ্ৰাম চেনেলৰ গৰাকীয়ে লগতে সদৰী কৰিছে যে পাষ্ট্ৰুশ্চেভ ৰাষ্ট্ৰপতি পুটিনতকৈ অধিক ভয়ানক লোক৷ অস্থায়ীভাৱে তেওঁৰ হাতত ক্ষমতা ন্যস্ত কৰিলে ৰাছিয়াৰ সমস্যা আৰু বহুগুণে বৃদ্ধি পাব বুলিও কোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ