অসম লাইভ ২৪ঃ পতঞ্জলি যোগপীঠত ভৱিষ্যতে নিৰ্মাণ হ’ব মেডিকেল কলেজ। যোগগুৰু বাবা ৰামদেৱে পতঞ্জলি যোগপীঠত নিৰ্মাণ কৰিব এল’পেথিক মেডিকেল কলেজ। এল’পেথিক চিকিৎসা সন্দৰ্ভত পূৰ্বে কৰা মন্তব্যৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি এই মন্তব্য কৰে বাবা ৰামদেৱে। তেওঁ কয়, ‘এল’পেথি আৰু এল’পেথিক চিকিৎসাক মই সন্মান কৰো’। ইয়াৰ উপৰি তেওঁ ভৱিষ্যতে পতঞ্জলি যোগপীঠত এল’পেথিক মেডিকেল কলেজ নিৰ্মাণ কৰি mbbs চিকিৎসক তৈয়াৰ কৰিব। চিকিৎসা পদ্ধতি আৰু চিকিৎসকক পৃথিৱীত ভগৱান জ্ঞান কৰা হয় বুলিও তেওঁ উল্লেখ কৰে। লগতে তেওঁ কয় যে এল’পেথিৰ সৰ্বশ্ৰেষ্ঠ আৰু আয়ুৰ্বেদৰ সৰ্বশ্ৰেষ্ঠক একেলগ কৰি এনে এক পদ্ধতি বিকাশ কৰিব যি সকলোতে সুলভ আৰু অদ্বিতীয় ৰূপে প্ৰতিষ্ঠিত হ’ব। পতঞ্জলিৰ পাছত এতিয়া এল’পেথিক চিকিৎসাৰ জৰিয়তে নতুন পথ মুকলিৰ চিন্তা-চৰ্চা চলাইছে বাবা ৰামদেৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ