কেৱল এগৰাকী খেলুৱৈৰ এটা ফোনক’ল, সিদ্ধান্ত সলনি কৰি পুনৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ মান্তি হৈছিল দ্ৰাৱিড়
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে প্ৰশিক্ষক হিচাপে নিজৰ দায়িত্ব সম্পূৰ্ণ কৰিলে। টিম ইণ্ডিয়াক বিশ্ব চেম্পিয়ন কৰাৰ উদ্দেশ্যেৰে এই দায়িত্ব গ্ৰহণ কৰিছিল। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে টিম ইণ্ডিয়াই।
মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰা মিষ্টাৰ ৱাল খ্যাত দ্ৰাবিড়ে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত দলটোৰ পৰাজয়ৰ পিছতে চুক্তি শেষ হোৱাৰ পিছতো পুনৰ এই দায়িত্ব গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।
মনোবল একেবাৰে ভাঙি যোৱাৰ পাছত প্ৰশিক্ষকৰ দায়িত্ব এৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু শেষ মূহুৰ্তত আহিছিল এটা ফোন। দ্ৰাবিড়ক প্ৰশিক্ষকৰ পদত থাকিবলৈ ফোন কৰি অনুৰোধ জনাইছিল ৰোহিত শৰ্মাই।
ৰোহিতৰ সেই এটা ফোনৰ পাছতে নিজৰ কাৰ্যকাল বঢ়াই পুনৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লৈছিল। আৰু তাৰ পাছতে ভাৰতীয় দলে ২০২৪ৰ টি ২০ বিশ্বকাপৰ চূড়ান্ত বিজয়ী হয়।
২০০৭ চনত আইচিচিৰ উদ্যোগত আয়োজিত প্ৰথম আইচিচি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল ভাৰতে। মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত ট্ৰফী জয় কৰাৰ পিছৰে পৰা ১৭ বছৰে ধৰি এই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল ভাৰতীয় অনুৰাগী।
১৭ বছৰৰ পাছত ৰোহিত শৰ্মাৰ অধিনায়কত্বত এই সফলতা আজুৰি আনিলে ভাৰতীয় দলে।
বিচিচিআইয়ে আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ লৈকে ৰাহুল দ্ৰাবিড়ক দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল। ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছত তেওঁৰ চুক্তিৰ অন্ত পৰে। টি-২০ বিশ্বকাপ জয়ৰ পিছত ড্ৰেছিং ৰুমত দ্ৰাবিড়ে কয় যে ৰোহিত শৰ্মাই ফোন কৰিছিল আৰু তেওঁ মোক প্ৰশিক্ষকৰ দায়িত্ব অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছিল।
এইবাৰৰ বিশ্বকাপ জয়ৰ পাছতে দ্ৰাবিড়ে কয়, ৰোহিত, ধন্যবাদ সেই এটা ফোন কৰাৰ বাবে। নৱেম্বৰ মাহত তুমি মোক ফোন কৰি ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰাৰ বাবে কৈছিল আৰু যাৰ বাবেই আজি এই সফলতা দেখা পাও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ