অসমত উপস্থিত বিৰোধী নেতা ৰাহুল গান্ধী৷ ইতিমধ্যে ৰাহুলে সোনাপুৰস্থিত জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই নামপ্ৰসংগত অংশগ্ৰহণ কৰিছে৷ তাৰপিছতেই ৰাহুল ৰাওনা হৈছে জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসভৱনলৈ৷ কাহিলিপাৰাত থকা জুবিন গাৰ্গৰ পৰিয়ালক লগ কৰিব ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীৰ অসম আগমনক স্বাগতম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো৷
মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ আগমনক লৈ কয়- ২৮ দিন পাছত, দেৰিকৈ হ’লেও তেওঁ আহিছে সেয়ে তেওঁক স্বাগতম৷ এই অসম ভৱনক আমি আদৰণি জনাইছো৷ যেতিয়া ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল তেতিয়া মই কংগ্ৰেছত আছিলো৷ এটা কাৰণত তেতিয়া খুবেই দুখ লাগিছিল৷ কাৰণ ভূপেন হাজৰিকাক তিনিদিন জ’জ ফিল্ডত ৰখাৰ সময়ত কোনো এজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অহা নাছিল৷ পাছত নিজৰাপাৰাৰ ঘৰলৈ ৰাহুল গান্ধী আহিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















