অসম লাইভ২৪ঃ মণিপুৰক লৈ আকৌ এবাৰ মুখ খুলিছে সাংসদ ৰাহুল গান্ধীয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই দোষী বুলি ক’লে সাংসদ ৰাহুলে। দেশত কি ঘটি আছে প্রধানমন্ত্ৰীয়ে গমেই নাপায় বুলি দাবী কৰিছে ৰাহুল গান্ধীয়ে। বিৰোধীসকলে অনা অনাস্থা প্ৰস্তাৱৰ পৰিপেক্ষিতত মণিপুৰক লৈ বৃহস্পতিবাৰে বিশেষ কেইটামান মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰীয়ে। কিন্তু প্রধানমন্ত্ৰীয়ে বক্তব্যৰ প্ৰথম অংশত মণিপুৰৰ কোনো কথাই উল্লেখ কৰা নাছিল। প্রধানমন্ত্ৰীয়ে ভাষণত অন্য কথা কৈ থকাৰ বাবে বিৰোধীয়ে মণিপুৰৰ কথা কওক বুলি দাবীও ৰাখিছিল। ৰাহুলে শুকুৰবাৰে সংবাদমেলযোগে প্রধানমন্ত্ৰী মোদীক কটাক্ষ কৰি কেইবাটাও মন্তব্য কৰিছে।
শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰি ৰাহুল গান্ধীয়ে কয়, ‘মণিপুৰত নাৰীৰ ওপৰত নিৰ্যাতন চলিছে। মণিপুৰত নাৰী ধৰ্ষিতা হোৱাৰ কথা মোদীয়ে হাঁহি হাঁহি কৈছে। এয়া জকছ বুলি কৈছে প্ৰধানমন্ত্ৰীয়ে। এয়া ভাল কথা নহয়। চাৰি মাহ ধৰি মণিপুৰ জ্বলি আছে। অনতিপলমে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগে। কথা ইয়াতেই শেষ নহয়, ইচ্ছা কৰিয়েই মণিপুৰ বিষয়টোক লৈ কোনো পদক্ষেপ চৰকাৰে লোৱা নাই। ১৯ বছৰীয়া অভিজ্ঞতা মোৰ। সাংসদ হিচাপে ১৯ বছৰীয়া অভিজ্ঞতাত মই মণিপুৰৰ দৰে ঘটনা দেখা নাই। প্রধানমন্ত্ৰীয়ে ভাৱিবই পৰা নাই দেশত প্ৰকৃততে কি ঘটি আছে। ভাৰতীয় সেনাই ইচ্ছা কৰিলে দুদিনতেই এই সমস্যা দূৰ কৰিব পাৰে। কিন্তু প্রধানমন্ত্ৰীয়ে ইচ্ছা কৰিয়েই মণিপুৰ জ্বলাই ৰাখিছে। এই জুই তেওঁ নুমুৱাব বিচৰা নাই।’
মণিপুৰত ৰাহুলে ৩৫৬ ধাৰা বিচাৰিছে নেকি?
মণিপুৰত সাংসদ ৰাহুল গান্ধীয়ে ২৫৬ ধাৰা বিচাৰিছে নেকি বুলি প্রশ্ন কৰা হৈছিল ৰাহুলক। এই কথাৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, ‘কি কৰিব লাগিব এই উপদেশ আমি নিদিও। প্রধানমন্ত্ৰীক উপদেশ দিব পৰা ক্ষমতা মোৰ নাই। কিন্তু মণিপুৰ ৪মাহ ধৰি জ্বলি থকাতো এক সমস্যা। পৰিস্থিতি নিয়ন্ত্ৰণত অনাটোহে এতিয়া প্রধান কথা।’
সাংসদ ৰাহুলে মোদীৰ সংক্ষিপ্ত বক্তব্যৰ প্ৰসংগত কয়, ‘প্রধানমন্ত্ৰী মোদীয়ে দুই ঘণ্টা ১৩ মিনিট বক্তব্য ৰাখিছে। নিজৰ বক্তব্যৰ একেবাৰে শেষত তেওঁ মাত্ৰ দুই মিনিট মণিপুৰক লৈ কথা কৈছে। কেইবামাহ ধৰি মণিপুৰ জ্বলিছে। তাত মানুহক মানুহে হত্যা কৰিছে। মহিলাক নিৰ্যাতন চলোৱা হৈছে। কিন্তু প্রধানমন্ত্ৰী মোদীয়ে এই বিষয়টো উত্থাপন কৰাক লৈ হাঁহিছে, জকছ বুলি কৈছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ