লোকসভা নিৰ্বাচনত যুৰীয়া আসন অৰ্থাৎ দুখনকৈ আসনত জয়ী হৈছে ৰাহুল গান্ধী৷ ৱায়নাডৰ ওপৰিও মাতৃৰ পুৰণি নিৰ্বাচনী কেন্দ্ৰ ৰায়বৰেলিৰ পৰাও এইবাৰ বিপুল সমৰ্থন লাভ কৰিছে ৰাহুলে৷ কিন্তু নিয়মৰ আওতাত তেওঁ এখন আসন এৰিবলগীয়া হৈছে৷ ৰায়বৰেলিৰ কংগ্ৰেছ সাংসদ হিচাপে লোকসভালৈ প্ৰত্যাবৰ্তন কৰিছে ৰাহুলে৷ কিন্তু জানেনে দুই আসনৰ পৰা যুঁজ দিবৰ পাৰে ৰাহুলে কংগ্ৰেছ দলৰ পৰা কিমান ধন লৈছিল?
লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা ৰাহুলে ১ কোটি ৪০ লাখ টকা লৈছে৷ নিৰ্বাচন কমিছনক এই তথ্য দিছে কংগ্ৰেছ শিৱিৰে৷ প্ৰতিটো কেন্দ্ৰত ৭০ লাখ টকাকৈ খৰচ কৰিছে ৰাগাই৷ ৰায়বৰেলি আৰু ৱায়নাড জয় কৰিলেও লোকসভা নিৰ্বাচনৰ নিয়ম মানি তেওঁ শেষপৰ্যন্ত ৱায়নাডৰ আসন এৰিছে৷
কেৱলমাত্ৰ ৰাহুল গান্ধীয়েই কংগ্ৰেছ দলৰ পৰা ধন লৈছে তেনে নহয়৷ অন্যান্য প্ৰাৰ্থীকো দিয়া হৈছে লাখ লাখ টকা৷ হিমাচলপ্ৰদেশৰ মাণ্ডি আসনত বিজেপিৰ তাৰকা প্ৰাৰ্থী কংগনা ৰনৌতৰ বিপক্ষে থিয় দিছে কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙে৷ তেওঁ কংগ্ৰেছ দলৰ পৰা লাভ কৰিছে ৮৭ লাখ টকা৷ যদিও শেষ পৰ্যন্ত তেওঁ জয়ী হ’ব নোৱাৰিলে৷ ইয়াৰোপৰি কিশোৰীলাল শৰ্মাইয়ো ৭০লাখ টকা পাইছিল আমেঠি কেন্দ্ৰৰ বাবে৷ কিশোৰীলালে পৰাজিত কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক৷
কংগ্ৰেছ নেতা কে চি বেণুগোপাল, মানিকৰাম ঠাকুৰেও লোকসভাত যুঁজ কৰিবলৈ পাইছিল ৭০লাখ টকা৷ ইয়াৰোপৰি আনন্দ শৰ্মা আৰু দিগ্বিজয় সিঙৰ দৰে বৰ্ষীয়াণ নেতাই ভোটযুদ্ধৰ বাবে লাভ কৰিছিল ৫০লাখ টকা৷ নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে সৰ্বাধিক কিমান খৰচ কৰিব পাৰিব, সেয়া নিৰ্বাচন কমিছনৰ নিৰ্দিষ্ট নিয়ম আছে৷ কিন্তু ৰাজনৈতিক দলসমূহৰ ওচৰত তেনে কোনো মাপকাঠি নাই৷ ২০২২ চনৰ নিৰ্বাচন কমিছনৰ পৰামৰ্শ মানি লোকসভা ভোটৰ খৰচ হিচাপে ৭০ লাখৰ পৰা বঢ়াই নিৰ্বাচনী খৰচ ৯৫লাখ কৰিছে৷ বিধানসভা ভোটৰ ক্ষেত্ৰত সেই খৰচৰ পৰিমাণ ২৮ লাখৰ পৰা বঢ়াই ৪০লাখ কৰা হৈছে৷ অৰুণাচলপ্ৰদেশ, ছিকিম, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচন আৰু লোকসভা ভোটৰ খৰচক লৈ কংগ্ৰেছে বিস্তাৰিত ৰিপৰ্ট ইতিমধ্যে জমা দিছে৷ তাৰপৰাই এই তথ্য পোৱা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ