গুৱাহাটীৰ পৰা অনলাইন অৰ্ডাৰ কৰিছিল ঘটনাত ব্যৱহৃত সঁজুলি, পত্নী সোনমেই খাৱৈত ঢকিয়াই দিছিল ৰাজক
ইন্দোৰৰ সোনম-ৰাজ ঘটনাৰ ৪ অভিযুক্ত ধৰা পৰাৰ পাছৰে পৰা পোহৰলৈ আহি আচে এটাৰ পাছত এটাকৈ নতুন নতুন তথ্য। এইবাৰ প্ৰকাশ পাইছে ঘটনাত ব্যৱহৃত সঁজুলিৰ বিষয়ে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজা ৰঘূবংশীক যি অস্ত্ৰৰে হত্যা কৰা হৈছিল, সেই দাও গুৱাহাটীৰ পৰা শ্বিলঙলৈ অনলাইনযোগে অৰ্ডাৰ দিয়া হৈছিল।
ঘটনা সংঘটিত হোৱাৰ ঠিক পূর্বে সোণমৰ হোমষ্টেৰ পৰা মাথো ১ কিলোমিটাৰ নিলগৰ এখন হোটেলত আছিল অভিযুক্তসকল। সোণমে তেওঁলোকক লকেচন পঠিয়াই দিছিল। লগতে অপৰাধীকেইজনক অপৰাধ সম্পন্ন কৰিবলৈ দিয়া হৈছিল ৫০ হাজাৰ টকাৰ চুক্তি।
আনহাতে প্ৰকা পাইছে পাঁচ মাহ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল সোণম আৰু ৰাজৰ। ৰাজে স্বীকাৰ কৰে যে সোণমৰ সৈতে তেওঁৰ প্ৰেম ৪ৰ পৰা ৫ মাহৰ আছিল। দেউতাক হৃদৰোগী হোৱাৰ বাবে সোণমে প্ৰেম বিবাহ কৰিব পৰা নাছিল। দেউতাকে সমাজৰ ভিতৰতে বিয়া কৰাব বিচাৰিছিল, সেয়েহে সোনমে ৰাজাক বিয়া কৰাবলৈ মান্তি হৈছিল।
সোনমে ইতিমধ্যে সিদ্ধান্ত লৈছিল যে বিয়াৰ পিছত তাই ৰাজাক হত্যা কৰি ৰাজৰ লগত থাকিবলৈ আৰম্ভ কৰিব। সোণমে ৰাজক কৈছিল যে মই যেতিয়া বিধৱা হম, তেতিয়া তুমি মোক বিয়া কৰাব পাৰিবা। তেতিয়া মোৰ পৰিয়ালেও আমাৰ বিয়াৰ বাবে সন্মতি দিব।
সেই মতেই আগবাঢ়িছিল সকলো। সোনমে পঠিওৱা লোকেচন মতে ৩ অভিযুক্ত ৰাজাৰ ওচৰলৈ গৈ বুকু আৰু মূৰত গুৰুতৰভাৱে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে। আৰক্ষীয়ে জনোৱা মতে, চাৰি অভিযুক্তৰ ভিতৰত অন্যতম বিশাল চৌহানে ৰাজাক পিছফালৰ পৰা আক্ৰমণ কৰে। সেই সময়ছোৱাত সোণমে কাষতে উপস্থিত আছিল আৰু বাৰে বাৰে ৰাজাৰ হত্যা কৰিবলৈ চিঞৰি আছিল।
খাৱৈত পেলোৱালৈকে ৰাজা জীয়াই আছিল বুলি অভিযুক্তই জনায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাজাক শেষত সোনমে নিজেই ঠেলা মাৰি খাৱৈত পেলাই দিছিল। অভিযুক্তই কয় যে , এই ঘটনাৰ মাথো আধা ঘণ্টাৰ পূৰ্বে সোনমে শাহুৱেকৰ সৈতে কথা পাতিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















