ইতিহাসে মানুহক বছৰৰ পাছত বছৰ ধৰি ভুল শিক্ষা দি আহিছে। আৰু এই ভুল শিক্ষা দি অহাত বিশেষ ভূমিকা আছে ব্ৰিটিছ ইতিহাসবীদসকলৰ। ইতিহাসে দি অহা ভুল শিক্ষাৰ মাজত অন্যতম হৈছে যোধা আকবৰৰ বিবাহ সম্পৰ্কে দি অহা ভুল বাখ্যা। যোধা-আকৰৰ বিবাহ কাহানিও হোৱা নাছিল এয়া সম্পূৰ্ণ ভুল বাখ্যা। এই মন্তব্য আমাৰ নহয় এই মন্তব্য কৰিছে ৰাজস্থানৰ ৰাজ্যপালে।
সৰ্বভাৰতীয় সংবাদ মাধ্য়ম সূত্ৰৰ খবৰ অনুসৰি ৰাজস্থানৰ ৰাজ্যপাল হৰিভাউ বাগাড়ে দাবী কৰিছে যে, ব্ৰিটিছ ইতিহাসবিদসকলৰ প্ৰাথমিক প্ৰভাৱৰ কাৰণে ভাৰতীয় ইতিহাসত কেইবাটাও ভুল তথ্য লিপিবদ্ধ হৈছে। যাৰ মাজত যোধা আকবৰৰ বিবাহৰ প্ৰসংগ অন্যতম।
বুধবাৰে উদয়পুৰৰ এক অনুষ্ঠানত এই বক্তব্য় ৰাখিবলৈ গৈ ৰাজস্থানৰ ৰাজ্যপালে দাবী কৰিছে যে আকবৰনামাত যোধা আৰু আকৰৰ বিবাহৰ কোনো উল্লেখ নাই। তেওঁ কয়- কথিত আছে যে যোধা আৰু আকৰে বিয়া কৰাইছিল আৰু এই গল্পৰ ওপৰতেই এখন চলচ্চিত্ৰ নিৰ্মাণো কৰা হৈছিল। ইতিহাসৰ কিছু পৃষ্ঠাই এই কথা দাবী কৰিলেও এয়া একেবাৰে মিছা। তেওঁৰ দাবী ভাৰমন নামৰ এজন ৰজা আচুল আৰু তেওঁ এগৰাকী পৰিচালকৰ কন্যাক হে আকবৰৰ সৈতে বিয়া দিছিল।
বাগাড়ৰ দাবী, ঘৰৰ ইতিহাসত ভুল তথ্য লিপিবদ্ধ আছে। তেওঁ কয়, ব্ৰিটিছে আমাৰ বীৰসকলৰ ইতিহাস সলাই দিছে। তেওঁলোকে এয়া সঠিকভাৱে লিখা নাই আৰু তেওঁলোকৰ এই ভুল তথ্যই ইতিহাসৰ সংস্কৰণত লিপিবদ্ধ হৈ থাকি গল। পিছলৈ কিছু ভাৰতীয়ই ইতিহাস লিখিছিল যদিও সেয়া ব্ৰিটিছৰ দ্বাৰাই প্ৰভাৱিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















