অসম লাইভ২৪ঃ বিতৰ্ক আৰু ৰাখী স্বাৱন্ত এটা মূদ্ৰাৰ ইপিঠি-সিপিঠি। তেওঁ বিতৰ্কৰেই চৰ্চাত থাকে। প্ৰচাৰৰ বাবেই ৰাখীয়ে যিকোনো কামেই কৰিব পাৰে বুলি প্ৰতিসময়তে ৰাখীৰ বিৰুদ্ধে এই অভিযোগ আছেই। বিগত বৰ্ষত ৰাখীয়ে মহিশূৰৰ ব্যৱসায়ী আদিল ডুৰানীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু সেই বিবাহো বেছি দিন নিটিকিল। পূৰ্বৰ দৰেই কেইমাহমান পাছতেই ৰাখী আৰু আদিলৰ বিচ্ছেদ হয়। বিবাহৰ সময়ত ৰাখীয়ে ইছলাম গ্ৰহণ কৰিছিল। ৰাখী স্বাৱন্তৰ পৰা তেওঁ হৈ পৰে ফাতেমা।
স্বামী আদিলৰ সৈতে ফাতেমা হৈ সংসাৰ কৰি কিছুদিন পাছতেই বিচ্ছেদ। বিচ্ছেদৰ লগতে ৰাখীয়ে আদিলৰ বিৰুদ্ধে আনে গাৰ্হস্থ্য হিংসাৰ অভিযোগ। গাৰ্হস্থ্য হিংসাৰ অভিযোগত কাৰাগাৰলৈ যাব লগা হয় আদিল ডুৰানী। প্ৰায় ছমাহ কাৰাগাৰত থকাৰ পিছত কাৰামুক্ত হৈ ওলাই আহিছে আদিল। ওলাইয়েই আদিলে ৰাখীৰ বিৰুদ্ধে প্ৰমাণসহ কেইবাটাও অভিযোগ আনিছে। ৰাখীয়েহে আদিলক নিৰ্যাতন চলাইছিল বুলিও অভিযোগনামা দাখিল কৰিছে আদিলে। ৰাখীয়ে আদিলৰ এইসমূহ অভিযোগৰ উত্তৰ পোনতে দিছিল যদিও শেহতীয়াকৈ তেওঁ এইসমূহৰ পৰা আঁতৰি হজৰ বাবে যাত্ৰা কৰিছে। পবিত্ৰ মক্কালৈ হজৰ বাবে গৈ কান্দোনত ভাঙি পৰিছে ৰাখী।
মক্কাত ৰাখীয়ে কন্দাৰ ক্লিপ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মক্কাত কান্দোনত ভাঙি পৰাৰ পূৰ্বে ৰাখীয়ে সংবাদমাধ্যমৰ সন্মুখত কৈছিল, ‘আদিলৰ সৈতে তেওঁ বৈবাহিক ধৰ্ষণৰ বলি হৈছিল। বাৰে বাৰে তেওঁ স্বামীৰ হাতত নিৰ্যাতিতা হৈছিল। ৰাখীৰ নগ্ন ভিডিঅ’ও আদিলে বিক্ৰি কৰিছিল বুলি কেইবাটাও অভিযোগ আনিছিল ৰাখীয়ে। এইসমূহ অভিযোগ দিয়াৰ পাছতেই ৰাখীৰ মক্কা যাত্ৰা। মক্কাৰ ভুমিত গৈ ৰাখীয়ে কান্দি কান্দি ন্যায় বিচাৰিছে আল্লাহৰ পৰা। ৰাখীয়ে কান্দোনৰ মাজতে আল্লাহক উদ্দেশ্যি কৈছে, ‘আল্লাহ মই কি কৰো? বলীউড তাৰকা হ’বৰ পাৰে আদিলে মোৰ সৈতে বিয়া কৰায়। মোৰ জীৱন সি নষ্ট কৰি দিলে। মই প্ৰাৰ্থনা কৰিছো আপুনি ইয়াৰ বিচাৰ কৰক।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ