মুখ্য়মন্ত্ৰী শৰ্মাই কোৱামতেই অসমৰ ১১ খন আসন শাসকীয় দলে লাভ কৰিলে। ১৪টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৯টা সমষ্টি আৰু অগপ, ইউপিপিএলে অন্য দুটা সমষ্টি দখল কৰে। বিজেপিয়ে দখল কৰিছে, লখিমপুৰ, কাজিৰঙা, শিলচৰ, কৰিমগঞ্জ, ডিফু, গুৱাহাটী, শোণিতপুৰ আৰু দৰং জিলা বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে।
এইসমূহৰ মাজতেই আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে জিলিকি উঠিল ধুবৰী সমষ্টি। ধুবৰীত বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছৰ ৰকিবুল হুছেইন। আজমলৰ দূৰ্গতেই আজমলৰ শোচনীয় পৰাজয়।
আনহাতে শাসকপক্ষই বাৰে বাৰে আজমল মুখ্যমন্ত্ৰী হৈ যাব বুলি অসমৰ জনতাক ভয় খুৱাই ৰখাৰ কথাবোৰো যেন ইয়াতেই যতি পৰিল। আশাকৰাধৰণে অসমত ১১ খন আসন লাভ কৰিলেও উত্তৰ পূৱৰ পৰা ২৪ৰ ভিতৰত ২২ খন আসন লাভ কৰিব নোৱাৰিলে বিজেপি দলে। মাত্ৰ ১৭খন আসনতেই সীমাবদ্ধ হৈ থাকিল বিজেপি দল। ইফালে মণিপুৰৰ এখনো আসন লাভ নকৰিলে বিজেপি দলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ