অসম লাইভ২৪ঃ এয়া শৰৎ। শাৰদীয় ক্ষণ হয়তো প্ৰায় প্ৰতিগৰাকী লোকৰেই প্ৰিয়। শৰতৰ সময়খিনিত প্ৰকৃতিৰ ৰূপে সকলোকে আকৰ্ষণ কৰে। আহিনৰ এই সময়খিনিক শেৱালীৱেও ন’ ৰূপ দিয়ে। সামাজিক মাধ্যমত শেৱালী বুটলি এখন ফটো শ্বেয়াৰ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও।
ফটোখন শ্বেয়াৰ কৰি কেপচন লিখা বিশেষ শাৰীকেইটাই দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। ফটোখনৰ কেপচনত ৰঞ্জিত কুমাৰ দাসে লিখিছে, ‘সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু সকলোৰে মঙ্গল কামনা কৰিছোঁ৷ শৰৎ বুলি ক’লেই শেৱালি ফুলৰ কথা মনলৈ আহে৷ কবি সকলে শৰৎ আৰু শেৱালি ফুলক লৈ ন-ন কবিতা ৰচে৷ মইও শেৱালি ফুল ভাল পাওঁ৷ সেয়েহে, আজি প্ৰাতঃভ্ৰমণ কৰি আহি কিছু তলসৰা শেৱালি বুটলি আনিছোঁ ধুনীয়াকৈ বৰ বনাই তথা অলপ ভাতৰ লগত ভাজি তৃপ্তিৰে খাম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ