প্ৰতিমাহে এটাকৈ শিৱৰাত্ৰী পালিত হয়৷ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত শিৱৰাত্ৰি হিচাপে পালিত হয়৷ ১২ মাহৰ ১২ টা মাহিলী শিৱৰাত্ৰিৰ মাজত, মহাশিৱৰাত্ৰিৰ পাছত যি শিৱৰাত্ৰীৰ গুৰুত্ব সকলোতকৈ বেছি, সেয়া হৈছে শাওন মাহৰ শিৱৰাত্ৰী৷ শিৱৰ প্ৰিয় মাহ শাওনত শিৱৰাত্ৰী তিথিত মহাদেৱৰ বিশেষ আৰাধনা কৰে তেওঁৰ ভক্তসকলে৷
এই বছৰ শাওনত শিৱৰাত্ৰী পালিত হ’ব কাইলৈ ২৩ জুলাই বুধবাৰে৷ এই শাওনত শিৱৰাত্ৰীৰ গুৰুত্ব বহুতেই বেছি৷ এই শাওনৰ শিৱৰাত্ৰীৰ গুৰুত্ব বহুতেই বেছি৷ কাৰণ এই বছৰ শাওন শিৱৰাত্ৰীত ২৪ বছৰ পাছত একেলগে তিনিটা ৰাজযোগ পৰিছে৷ এই তিনিটা ৰাজযোগ হৈছে- মূল ত্ৰিকোণ ৰাজযোগ, মালব্য ৰাজযোগ আৰু গজকেশৰী ৰাজযোগ৷ ইয়াৰ পূৰ্বে ২০০১ চনৰ ১৮ জুলাইত মাহিলী শিৱৰাত্ৰীত এই শুভ যোগ আছে৷ জানি থওক মাহিলী শিৱৰাত্ৰীত তিনি ৰাজযোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
মাহিলী শিৱৰাত্ৰীত সৌভাগ্য লাভ বৃষ ৰাশিৰ
নিজৰ ৰাশি বৃষত অৱস্থান কৰি মালব্য ৰাজযোগ গঠন কৰিছে শুক্ৰই৷ ইয়াৰ প্ৰভাৱত মাহিলী শিৱৰাত্ৰীত সৌভাগ্যৰ শিখৰত থাকিব বৃষ ৰাশিৰ জাতক৷ মহাদেৱৰ কৃপাত বিপুল অৰ্থলাভ কৰিব পাৰিব আপুনি৷ যেনেকৈ সাফল্য লাভ কৰিব তেনেকৈ উন্নতি কৰাৰো সুযোগ পাব৷ উপাৰ্জন বাঢ়িব৷ সকলো কামতেই লাভৱান হ’ব৷
মাহিলী শিৱৰাত্ৰীত সৌভাগ্য লাভ মিথুন ৰাশিৰ
শাওন শিৱৰাত্ৰীত মিথুন ৰাশিত থাকিব গজকেশৰী ৰাজযোগ৷ বৃহস্পতি আৰু চন্দ্ৰই একেলগে মিথুন ৰাশিত অৱস্থান কৰি এই ৰাজযোগ গঠন কৰিব৷ এই সময়ত অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ সম্পদ, সমৃদ্ধি আৰু প্ৰতিপত্তি লাভ হব৷ অফিচত নিজৰ কামৰ বাবে প্ৰশংসা পাব৷ সকলোৰে সৈতে সম্পৰ্ক ভাল হ’ব৷
মাহিলী শিৱৰাত্ৰীত সৌভাগ্য লাভ কৰ্কট ৰাশিৰ
শাওন শিৱৰাত্ৰীত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতকে৷ চৰকাৰী চাকৰিত ডাঙৰ উন্নতি কৰাৰ সুযোগ পাব৷ নিজৰ বুদ্ধি আৰু সুন্দৰ ব্যৱহাৰ দি অন্যৰ মন জয় কৰিব পাৰিব৷ পৰিয়ালতো আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ প্ৰচুৰ অৰ্থলাভ হ’ব পাৰে৷
মাহিলী শিৱৰাত্ৰীত সৌভাগ্য লাভ বৃশ্চিক ৰাশিৰ
শাওনৰ শিৱৰাত্ৰীত মালব্য ৰাজযোগৰ প্ৰভাৱত ডাঙৰ আৰ্থিক লাভ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ নতুন বাহন ক্ৰয় কৰিব পাৰে৷ পাৰ্টনাৰৰ পৰা প্ৰয়োজনীয় সাহায্য পাব৷ সংগীত আৰু শিল্পকলাৰ সৈতে যুক্তসকলৰ পৰা বিশেষ উন্নতি কৰাৰ সুযোগ পাব৷ দাম্পত্য জীৱনত প্ৰেম আৰু মাধুৰ্য থাকিব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷
মাহিলী শিৱৰাত্ৰীত সৌভাগ্য লাভ ধনু ৰাশিৰ
গজকেশৰী ৰাজযোগৰ প্ৰভাৱত শাওন শিৱৰাত্ৰীত লাভৱান হ’ব ধনু ৰাশিৰ জাতকৰ৷ এই ৰাশিৰ সপ্তম ঘৰত বৃহস্পতি চন্দ্ৰৰ উপস্থিতিৰ ফলত সন্মান, সমৃদ্ধি আৰু উচ্চপদ লাভ কৰিব৷ কেৰিয়াৰত উন্নতি কৰাৰ ওপৰিও আৰ্থিকভাৱে ডাঙৰ সাফল্য পাব৷ ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে৷ প্ৰমোছন লাভ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















