শুকুৰবাৰে কাতি মাহৰ পূৰ্ণিমাতেই পালিত হৈছে ৰাসপূৰ্ণিমা৷ ১৫ নৱেম্বৰত পূৰ্ণিমা আৰম্ভ হৈছে পুৱা ৬.১৯ মিনিটত৷ এই তিথি থাকিব আজি নিশা ২.৫৮ মিনিট পৰ্যন্ত৷ বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ বাবে এই তিথিৰ যথেষ্ট মহত্ব আছে৷ বৃন্দাবন, মথুৰাসহ অন্যান্য বৈষ্ণৱ মন্দিৰত পালিত হয় এই পূণ্যতিথি৷ ৰাসপূৰ্ণিমাৰ সময়তে জানি থওক শ্ৰীকৃষ্ণৰ প্ৰিয় ৰাশি কি কি?
বৃষৰাশি শ্ৰীকৃষ্ণৰ খুবেই প্ৰিয়৷ কৃষ্ণৰ আশীৰ্বাদত এই ৰাশিৰ জাতক জাতিকাই জীৱনত সফলতা লাভ কৰে৷ জীৱনত খ্যাতি অৰ্জন কৰে৷ অন্যৰ আস্থা অৰ্জন কৰে৷ বুদ্ধিমত্তা আৰু বাকচাতুৰ্যৰ বাবে বিখ্যাত এই ৰাশিৰ জাতক৷ এওঁলোক ঈশ্বৰবিশ্বাসী হয়৷
কৰ্কট ৰাশিৰ জাতক জাতিকাসকলো সুৰক্ষত হিচাপে প্ৰখ্যাত৷ তেওঁলোক অন্যৰ প্ৰতি যত্নশীল হয়৷ ঈশ্বৰৰ প্ৰতি এওঁলোকৰ অটল ভক্তি থাকে৷ বন্ধুবান্ধৱৰ প্ৰতি এওঁলোক খুবেই আৱেগপ্ৰৱণ৷
সিংহ ৰাশিৰ জাতক জাতিকাসকলেও শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰে৷ সকলো কামেই এওঁলোকে ভক্তি আৰু নিষ্ঠাৰে পালন কৰে৷ তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব পাৰে৷ তেওঁলোকৰ নেতৃত্বদানৰ ক্ষমতা প্ৰশংসনীয়৷ শ্ৰীকৃষ্ণৰ আশীৰ্বাদত তেওঁলোকৰ ব্যক্তিত্ব ভাল হয়৷
তুলা ৰাশিৰ জাতক জাতিকাসকলো শ্ৰীকৃষ্ণৰ খুবেই প্ৰিয়৷ সমাজত তেওঁলোক সন্মানীয়৷ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি লাভ কৰে তেওঁলোকে৷ শ্ৰীকৃষ্ণৰ আৰাধনা কৰি শান্তি লাভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















