জ্যোতিষমতে সকলোতকৈ ধীৰ গতিৰ গ্ৰহ হৈছে শনি৷ প্ৰতি আঢ়ৈ বছৰৰ অন্তৰে অন্তৰে ৰাশিচক্ৰই নিজৰ অৱস্থান সলনি কৰে৷ অৱশ্যে স্থান সলনি নহলেও গতি আৰু অভিমুখ সলনি হয়৷ ২০২৬ চনত তেনে কিছু ঘটনা ঘটিব৷ জ্যোতিষ গণনা অনুসৰি শনিয়ে ২০২৬ চনজুৰি মীন ৰাশিতেই থাকিব৷ এই সময়ত কেতিয়াবা বক্ৰী হ’ব কেতিয়াবা মাৰ্গী হ’ব৷ কেতিয়াবা উদয় হ’ব, কেতিয়াবা অস্ত যাব৷ শনিৰ অৱস্থানৰ এই পৰিবৰ্তনে কেইবাটাও ৰাশিৰ জাতকৰ জীৱনলৈ উল্লেখযোগ্য পৰিবৰ্তন আনিব৷
১৩ মাৰ্চ ২০২৬ চনত অস্ত যাব শনি৷ মীন ৰাশিত সূৰ্যৰ গোচৰৰ ফলত শনি অস্ত যাব৷ ২২ এপ্ৰিল ২০২৬ত আকৌ উদয় হব৷ প্ৰায় ৪০ দিন অস্ত থকাৰ পাছত শনি উদয় হ’লে শক্তিশালী ধন ৰাজযোগ তৈয়াৰ কৰিব৷ এই ধন ৰাজযোগে তিনি ৰাশিৰ জাতকৰ বাবে শুভ সময়ত সূচনা কৰিব৷
বৃষ ৰাশি
শনিৰ উত্থানৰ পাছত বৃষ ৰাশিৰ জাতকৰ জীৱনত ধন ৰাজযোগে নানান সুবিধা আনি দিব৷ কৰ্মজীৱন আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ নতুন উৎসৰ পৰা অৰ্থলাভ কৰিব পাৰে৷ সামাজিক পৰিসৰত আপোনাৰ সন্মান বাঢ়িব, কথাৰ দাম বাঢ়িব৷ বিনিয়োগ কৰিলে লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ খ্যাতি এই সময়ত সৰ্বোচ্চ পৰ্যায়ত যাব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবেও এই ধন ৰাজযোগে কেৰিয়াৰত প্ৰভূত উন্নতিৰ সুযোগ আনি দিব৷ বেকাৰসকলে চাকৰি পাব পাৰে৷ বহু কাঙ্ক্ষিত পদোন্নতি হ’ব পাৰে৷ নতুন চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷ ব্যৱসায়ীসকলৰ বাবেও এই সময় ভালেই হ’ব৷ নিয়মমাফিক চলাৰ চেষ্টা কৰক৷ ভাগ্যৰ সহায় থাকিব৷ ব্যৱসায়ীসকলে ব্যাপক আৰ্থিক লাভ কৰিব পাৰে৷ ব্যৱসায় সম্প্ৰসাৰিত হোৱাৰ সুযোগ আছে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি৷ শনিৰ দ্বাৰা সৃষ্ট ধন ৰাজযোগে এই ৰাশিৰ জাতকক সকলোতকৈ বেছি শুভ ফল দিব বুলি ধাৰণা কৰা হৈছে৷ সাহস বৃদ্ধি পাব৷ বীৰত্বৰ কোনো কাম কৰিব পাৰে৷ ডাঙৰ কোনো লক্ষ্য অৰ্জন কৰিব পাৰে৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এই সময় ভাল সময়৷ নতুন সম্পত্তি বা বাহন কিনিব পাৰে৷ ব্যক্তিগত জীৱন সুখৰ হব৷ সম্পৰ্কত প্ৰেম বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















