সনাতন ধৰ্মত অক্ষয় তৃতীয়া অত্যন্ত শুভ এটা দিন৷ যি কোনো শুভ কাম কৰাৰ বাবে এই দিনটো উপযুক্ত৷ জ্যোতিষ গণনাই কৈছে এই বছৰ অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠিত হ’ব৷ মীন ৰাশিত বুধ আৰু শুক্ৰৰ মিলনৰ ফলত এই ৰাজযোগ গঠিত হ’ব৷ অন্যহাতে বৃষ ৰাশিত চন্দ্ৰ আৰু বৃহস্পতিৰ মিলনত গঠিত হ’ব গজকেশৰী ৰাজযোগ৷ এই ৰাজযোগৰ ফলত অক্ষয় তৃতীয়াত বিশেষ সুফল পাব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক এই তালিকাত কোন কোন আছে?
বৃষ ৰাশি
অক্ষয় তৃতীয়াত শুভ দিনৰ পৰাই কঁপাল ফুলিব বৃষ ৰাশিৰ জাতকৰ৷ লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত এই সময়ত সুখ আৰু সমৃদ্ধি আপোনাৰ জীৱনত উপচি পৰিব৷ চাকৰি আৰু ব্যৱসায়ত বৃহৎ সাফল্য লাভ কৰিব৷ লক্ষ্মীৰ কৃপাত কেইবাগুণো সম্পদ বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷ এই দিনটোত আপুনি চাউল দান কৰিলে ভাল ফল পাব৷
কৰ্কট ৰাশি
অক্ষয় তৃতীয়াত শুভ আৰু উপকাৰী ফল পাব কৰ্কট ৰাশিৰ জাতকে৷ এই দিনটোত আপোনাৰ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন আহিব৷ গজকেশৰী ৰাজযোগৰ প্ৰভাৱত জীৱনত উন্নতি কৰাৰ সুযোগ পাব৷ ৰিয়েল এষ্টেট বা সোণ ৰূপৰ বিনিয়োগ কৰিলে ভাল লাভ পাব৷ এই দিনটোত মা লক্ষ্মীক ক্ষীৰ নিবেদন কৰক৷
তুলা ৰাশি
অক্ষয় তৃতীয়াৰ শুভ যোগত সম্পদ আৰু সৌন্দৰ্য বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ শুক্ৰৰ শুভ প্ৰভাৱত তুলাৰ জাতকৰ জীৱনৰ সকলো বাধা আঁতৰিব৷ পাবলগীয়া টকা এই সময়ত লাভ কৰিব৷ নতুন উপাৰ্জনৰ পথ খুল খাব আপোনাৰ সন্মুখত৷ নতুন বাহন ক্ৰয়ৰ বাবে শুভ দিন৷ এই দিনটোত লক্ষ্মী পূজাত বগা কড়ি দান কৰক৷
মকৰ ৰাশি
অক্ষয় তৃতীয়াৰ শুভ যোগত স্থিতিশীলতা, সাফল্য আৰু উন্নতি আহিব মকৰ ৰাশিৰ জাতকৰ জীৱনত৷ লক্ষ্মী নাৰায়ণ ৰাজযোগৰ শুভ প্ৰভাৱত সুখ আৰু সমৃদ্ধি বাঢ়িব এওঁলোকৰ জীৱনত৷ অতিৰিক্ত উপাৰ্জন কৰাৰ সুযোগ পাব মকৰ ৰাশিৰ জাতকে৷ চাকৰিত কোনো সমস্যা থাকিলে এইবাৰ আঁতৰ হ’ব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ অক্ষয় তৃতীয়াত দৰিদ্ৰক ক’লা তিল আৰু তামৰ মুদ্ৰা দান কৰিব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ জীৱনত উন্নতিৰ সম্ভাৱনা আছে৷ নতুন কোনো কাম বা ব্যৱসায় আৰম্ভ কৰিব খুজিলে অক্ষয় তৃতীয়াৰ পৰাই আপোনাৰ বাবে উপযুক্ত সময় আৰম্ভ হব৷ পাবলগীয়া টকা হঠাৎ লাভ কৰিব৷ সংসাৰত সুখৰ পৰিবেশ থাকিব আৰু পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব৷ অক্ষয় তৃতীয়াত মা লক্ষ্মীক পদুমফুলৰ মালা নিবেদন কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















