কেৱল উদ্যোগী হিচাপেই তেওঁ জনপ্ৰিয় নহয়৷ তেওঁ ভাৰতৰ ৰত্ন৷ তেওঁ জীৱনকালত কৰি যোৱা সেৱা, দান আদি যুগে যুগে মনত ৰাখিব ভাৰতীয়ই৷ দেশবাসীৰ মনৰ মণিকোঠাত তেওঁ বহি আছে৷ তেওঁৰ পুষ্য প্ৰেমৰ কথাও সকলোৱে জানে৷ এই ৰতন টাটাৰ মৃত্যুৰ পাছত প্ৰকাশ পাইছে তেওঁৰ উইল পত্ৰ৷ আৰু তাত লিখা কথাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কিয় অনন্য? জনা গৈছে যে প্ৰয়াত উদ্যোগী ৰতন টাটাই তেওঁৰ ব্যক্তিগত উইইত পোহনীয়া কুকুৰ টিটোৰ নাম উল্লেখ আছে৷ সম্পত্তিৰ ভাগ দি গৈছে তেওঁৰ দীৰ্ঘদিনীয়া ৰান্ধনী আৰু পৰিচাৰকসকলকো৷
বিগত ৯ অক্টোবৰত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে বিখ্যাত উদ্যোগী ৰতন টাটাই৷ তেওঁৰ মৃত্যুৰ পাছত টাটা সাম্ৰাজ্যৰ শাসন কোনে কৰিব সেই বিষয়টোক লৈয়ো বহুতেই জানিবলৈ আগ্ৰহী হৈ আছিল৷ ৰতন টাটাৰ বিপুল সম্পত্তিৰ মালিক কোন হ’ব সেই বিষয়টোক লৈ বহুতৰে মনত প্ৰশ্নও আছিল৷ কাৰণ চিৰকুমাৰ আছিল টাটা৷ তেওঁৰ কোনো সন্তান নাই৷
এইবাৰ ৰতন টাটাৰ উইল সন্মুখলৈ অহাৰ পাছত জানিব পৰা গৈছে, কাৰ নামত কি থৈ গৈছে ৰতন টাটাই৷ টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ৰতন টাটাৰ ব্যক্তিগত সম্পত্তিৰ পৰিমান ১০ হাজাৰ কোটিৰো অধিক৷ তেওঁ যি উইল তৈয়াৰ কৰি গৈছে তাত লিখা আছে তেওঁৰ প্ৰিয় পোহনীয়া কুকুৰ টিটো ৰ নামো৷ তাত লিখা হৈছে তেওঁৰ প্ৰিয় টিটোৰ যেন যত্নৰ কোনো অভাৱ নহয়৷ ৰতন টাটাৰ টিটু জাৰ্মাণ ছেফাৰ্ডটো যিমান দিন বাচি থাকিব তাৰ সকলো সোৱা যত্নৰ নিৰ্দেশ তেওঁ দি গৈছে৷ ৬বছৰ পূৰ্বে টিটোক নিজৰ ঘৰলৈ আনিছিল টাটাই৷
কেৱল পশু প্ৰেম নহয় যিসকলে দীৰ্ঘদিন ধৰি তেওঁৰ যত্ন ৰাখিছিল তেওঁলোককো পাহৰা নাই টাটাই৷ নিজৰ উইল সম্পত্তিৰ এটা অংশ লিখি দিছে তেওঁৰ দীৰ্ঘ সময়ৰ ৰান্ধনি ৰজন চাউয়েৰ নামত৷ তিনি দশক ধৰি তেওঁৰ পৰিচাৰক আছিল ছুব্বিয়া৷ তেওঁৰ নামো উইলত লিখি গৈছে ৰতন টাটাই৷
পৰিয়ালত ভিতৰত নিজৰ ভায়েক জিমি টাটাৰ বাবে যেনেকৈ সম্পত্তিৰ এটা অংশ লিখিছে ৰতন টাটাই তেনেতৈ দুইগৰাকী সতীয়া ভনীয়েক ছিৰিণ আৰু ডিয়ানাৰ বাবেও সম্পত্তি থৈ গৈছে৷ বাকী সম্পত্তি তেওঁ টাটা ফাউণ্ডেছনৰ নামত লিখি থৈ গৈছে৷ শেষ বয়সত ৰতন টাটাৰ সৈতে লগত থকা শান্তনু নাইডুও বাদ পৰা নাই উইল পত্ৰৰ পৰা৷ শান্তনুৰ ষ্টাৰ্টআপ গুডফেলোজত নিজৰ অংশীদাৰিত্ব যেনেকৈ এৰি দিছে, তেনেকৈ শান্তনুয়ে বিদেশত পঢ়াশুনা কৰিবলৈ যোৱাৰ খৰচো ৰতন টাটাই দি গৈছে৷
কি কি সম্পত্তি আছে ৰতন টাটাৰ?
মুম্বাইৰ জুহু ৰোডৰ দুমহলীয়া এখন ঘৰ আছিল আৰু আলিবাগত ২০০০ স্কোৱাৰফুটৰ এটা বাংলো আছিল ৰতন টাটাৰ৷ বেংকত আছিল ৩৫০ কোটিৰ ফিক্সড ডিপোজিট৷ ১৬৫ বিলিয়ন ডলাৰৰ টাটা গ্ৰুপৰ মূল সংস্থা টাটা সেন্সৰত ০.৮৩শতাংশ অংশীদাৰিত্বও আছিল ৰতন টাটাৰ নামত৷
টাটা চঞ্চত ৰতন টাটাৰ যি অংশীদাৰিত্ব আছিল সেয়া ৰতন টাটা এনডাউমেণ্ট ফাউণ্ডেছনলৈ হস্তান্তৰ কৰা হ’ব৷ টাটা গ্ৰুপৰ সংস্থাসমূহত ৰতন টাটাৰ যি শ্বেয়াৰ আছিল সেয়াও এই ট্ৰাষ্টলৈ হস্তান্তৰ কৰা হ’ব৷ ৰতন টাটাৰ যি ২০-৩০খল লাক্সাৰী বাহন আছিল আৰু ঘৰসমূহ কাৰ হাতলৈ যাব এয়া ভৱিষ্যতেহে নিৰ্ণয় হ’ব৷ হয়তো এই বাহনসমূহ পুনে মিউজিয়ামলৈ পঠিয়াই দিয়া হ’ব বা নিলাম কৰা হ’ব৷ বম্বে হাইকোৰ্টত এই সমস্ত সম্পত্তিৰ পৰ্যালোচনা কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ