এগৰাকী কৰ্মচাৰীৰ জীৱন ৰক্ষা কৰিবৰ বাবে এয়াৰ এম্বুলেঞ্চ চলাই গৈছিল ৰতন টাটাই
দেশৰ সৰ্ববৃহৎ উদ্যোগিক প্ৰতিষ্ঠান টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ মৃত্যু। ৮৬ বছৰ বয়সত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৯১ চনৰ পৰা ২০১২ চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰতন টাটা সৰলতাৰ বাবে পৰিচিত আছিল। ৰতন টাটা এজন ভাল উদ্যোগপতিয়ে নহয়, এজন ভাল মানুহো আছিল। তেওঁৰ লগত কাম কৰা মানুহবোৰৰ বহুত যত্ন লৈছিল। ৰতন টাটাৰ সৈতে জড়িত এটা ঘটনা যেতিয়া ৰতন টাটা নিজেই এজন কৰ্মচাৰীৰ জীৱন ৰক্ষাৰ বাবে বিমান উৰুৱাবলৈ সাজু হৈছিল।
এই ঘটনা ২০০৪ চনৰ আগষ্টৰ। পুনেৰ টাটা মটৰছৰ এম ডি প্ৰকাশ এম তেলাং হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসকে তেওঁক তৎক্ষণাত মুম্বাইলৈ নিবলৈ পৰামৰ্শ দিয়ে। দেওবাৰ হোৱাৰ বাবে চিকিৎসকে এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰিব পৰা নাছিল। এই কথা ৰতন টাটাক কোৱাত তেওঁ কোম্পানীৰ বিমান উৰুৱাবলৈ মান্তি হয়। ৰতন টাটাৰ পাইলটৰ অনুজ্ঞাপত্ৰ আছিল। যাৰ ফলত এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰি প্ৰকাশক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতাললৈ লৈ যোৱা হয়। তাতেই তেওঁৰ সফল চিকিৎসা কৰা হয়। প্রায় ৫০ বছৰ টাটা মটর্ছৰ সৈতে কাম কৰাৰ পাছত ২০১২ চনত প্রকাশে অৱসৰ লয়৷
দেশৰ অন্যতম সফল ব্যৱসায়ী ৰতন টাটা এজন প্ৰশিক্ষিত পাইলট আছিল আৰু তেওঁৰ বিমান উৰণৰ অনুজ্ঞাপত্ৰ আছিল। লগতে তেওঁৰ হাতত আছিল ডাচল্ট ফেলকন ২০০০ প্ৰাইভেট জেট, যাৰ মূল্য প্ৰায় ১৫০ কোটি টকা বুলি কোৱা হয়। কেইবছৰমানৰ আগতে ছ’চিয়েল মিডিয়াত তেওঁৰ এখন ছবি ভাইৰেল হৈছিল য’ত তেওঁক এখন যুঁজাৰু বিমানৰ ককপিটত দেখা গৈছিল। এই ছবিখন ২০১১ চনৰ যেতিয়া বেংগালুৰু এয়াৰশ্ব’ত বয়িঙৰ এফ-১৮ ছুপাৰ হৰ্নেট বিমানত উৰা মাৰিছিল ৰতন টাটা। এই কথা তেওঁ ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল, তেওঁৰ ৮২ সংখ্যক জন্মদিন উপলক্ষে।
২০০৭ চনত ৰতন টাটাই আমেৰিকাৰ যুদ্ধ বিমান এফ-১৬ত উৰা মাৰিছিল। তেতিয়া তেওঁ ৬৯ বছৰ বয়সত আমেৰিকাৰ বিমান উৰুৱাই যোৱা আটাইতকৈ বয়সীয়াল ভাৰতীয় নাগৰিক আছিল। ৰতন টাটাই বিমান উৰণৰ প্ৰতি থকা আকৰ্ষণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। তেওঁৰ গুৰু জে আৰ ডি টাটা আছিল দেশৰ প্ৰথম অনুজ্ঞাপত্ৰপ্ৰাপ্ত পাইলট। জে আৰ ডি টাটাই প্ৰথমবাৰৰ বাবে কৰাচীৰ পৰা বম্বেলৈ বিমান উৰুৱাইছিল। তেওঁৱেই টাটা এয়াৰলাইন্স আৰম্ভ কৰিছিল। পিছলৈ ইয়াৰ নাম এয়াৰ ইণ্ডিয়া হয় আৰু ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ