বয়সৰ পাৰ্থক্য ৫৪ বছৰ৷ তথাপিও এজনে আনজনৰ পৰস্পৰৰ বন্ধু হৈ উঠিছিল৷ উদ্যোগপতি ৰতন টাটাৰ সেই বন্ধু শান্তনু নায়ডুৱে পালে এইবাৰ গুৰুদায়িত্ব৷ মাত্ৰ ৩২ বছৰ বয়সত Tata Motorsৰ জেনেৰেল মেনেজাৰ তথা Head of Strategic Initiatives ত নিযুক্তি লাভ কৰিছে৷ সামাজিক মাধ্যমত নিজেই এই খবৰ জনাইছে শান্তনুৱে৷ ইয়াৰ সৈতে আন এক আৱেগিক পোষ্টো শ্বেয়াৰ কৰিছে শান্তনুৱে৷
সামাজিক মাধ্যম প্লেটফৰ্ম LinkedInত গুৰুদায়িত্ব পোৱাৰ কথা জনাইছে শান্তনুৱে৷ ৰতন টাটাৰ প্ৰিয় নেনো গাড়ীৰ সৈতে ছবি পোষ্ট কৰিছে শান্তনুৱে৷ কেপশ্ব্যনত লিখিছে, ‘অত্যন্ত আনন্দৰ সৈতে জনাওঁ যে Tata Motorsৰ জেনেৰেল মেনেজাৰ, হেড ষ্ট্ৰেটেজিক ইনছিয়েটিভছ হিচাপে নিযুক্ত হৈছো৷ মনত পৰিছে নীলা পেণ্ট আৰু বগা চাৰ্ট পৰিহিত পিতৃৰ হাতত ধৰি টাটা মটৰছ প্লেণ্টৰ পৰা যেতিয়া দেউতা উভতিছিল৷ তেওঁৰ বাবে মই অপেক্ষা কৰিছিলো৷ এতিয়া এটা বৃত্ত যেন সম্পূৰ্ণ হ’ল৷ দেউতাৰ উত্তৰসুয়ী হ’বলৈ নতুন পথত ভৰি দিছো৷’
শান্তনুৰ পৰিয়ালৰ কেইবাটাও প্ৰজন্মই টাটা গোষ্ঠীৰ অধীনত কাম কৰিছিল৷ কিন্তু শান্তনু আৰু ৰতন টাটাৰ বন্ধুত্ব বিশেষ আছিল৷ পোষ্যৰ প্ৰতি ভালপোৱা দেখিয়েই ৰতন টাটাই শান্তনুক বন্ধুত্বৰ হাত আগুৱাই দিছিল৷ পৰবৰ্তী সময়ত টাটাত যোগদান কৰে শান্তনুৱে৷ পাছলৈ টাটাৰ খুবেই বিশ্বস্ত হৈ উঠে৷ অসুস্থ অৱস্থাতো শান্তনুৰ ষ্টাৰ্টআপৰ মুকৰি অনুষ্ঠানত হাজিৰ হৈছিল ৰতন টাটা৷ শান্তনুৰ এটা সংস্থালৈ মোটা টকাও আগবঢ়াইছিল ৰতন টাটাই৷
বিগত বছৰত ৰতন টাটাৰ প্ৰয়াণৰ পাছতেই খবৰৰ শিৰোনামত উঠে শান্তনু৷ হাস্পতালৰ পৰা শেষকৃত্য, সৰ্বত্ৰতে উপস্থিত আছিল শান্তনু৷ বয়সত ৰতন টাটাতকৈ বহু সৰু হ’লেও বিস্তৰ আলোচনা কৰিছিল ৰতন টাটা আৰু শান্তনুৱে৷ পাছত ৰতন টাটাৰ উইল যেতিয়া সন্মুখলৈ আহে তেতিয়া তাত শান্তনুৰ নামো আছিল৷ শান্তনুৰ সংস্থাত ইমানদিনে যি অংশীদাৰিত্ব ৰতন টাটাৰ আছিল সেয়া সম্পূৰ্ণ শান্তনুৰ হ’ব বুলি উইলত লিখি গৈছে টাটাই৷ ইয়াৰোপৰি বিদেশত পঢ়াশুনাৰ বাবে যি ঋণ শান্তনুৱে লৈছিল সেই ধাৰো ৰতন টাটাই দি গৈছে৷
ৰতন টাটাৰ প্ৰয়াণত সামাজিক মাধ্যমত এক বিশেষ পোষ্ট লিখিছিল শান্তনুৱে৷ তেওঁ লিখিছিল, তেওঁৰ জীৱনত ৰতন টাটা আছিল লাইট হাউছৰ দৰে৷ ৰতন টাটাৰ প্ৰয়াণৰ নিজৰ গুৰুক হেৰুৱাইছে, বন্ধুক হেৰুৱাইছে বুলিও লিখিছিল৷ ৰতন টাটাৰ প্ৰয়াণ তেওঁৰ জীৱনৰ এৰাব নোৱাৰা শূন্যতা বুলিও লিখিছিল শান্তনুৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















