ভাৰতবৰ্ষৰ চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থাৰ কথা ক’বলৈ গ’লে কৈনো কৈ ওৰকে নপৰে ধৰণৰ কথাহে হয়৷ অৰ্থাৎ আন দিশত নহ’লেও আন্তঃগাথনিৰ দুৰাৱস্থাৰ ক্ষেত্ৰত ভাৰতৰ বিদ্যালয়সমূহ শীৰ্ষস্থানত থাকে৷ অৱশ্যে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহক ইয়াৰপৰা বাহিৰত ৰাখিব লাগিব৷
এনে এক আন্তঃগাথনিৰ দুৰাৱস্থাত ভাৰাক্ৰান্ত এখন বিদ্যালয়ত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা৷ সংশ্লিষ্ট বিদ্যালয়খন হৈছে দক্ষিণৰ ৰাজ্য তেলেংগানাৰ৷ তেলেংগানাৰ কামৰেড্ডী জিলাৰ চৰকাৰী ছোৱালী গুৰুকুল আৱাসিক বিদ্যালয়ত ১০ গৰাকী শিক্ষাৰ্থীয়ে নিগনিয়ে কামোৰাৰ ফলত আহত হৈছে৷
আহত ছাত্ৰীকেইগৰাকীক চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে৷
লগতে পঢ়ক আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰীমা দাসে, Tora’s Husband প্ৰদৰ্শিত হ’ব টৰণ্ট’ত
এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যৰ টি আৰ এছ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বিৰোধী বিজেপিয়ে৷ বিজেপিয়ে চৰকাৰক সমালোচনা কৰি শিশুসকলৰ বাবে নিৰাপদ পৰিবেশ গঢ়ি তোলাৰ দাবী জনাইছে।
স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও তেলেংগানাত এনে ঘটনা সংঘটিত হৈ আহিছে৷ চলিত বৰ্ষৰ মাৰ্চ মাহত ৱাৰাংগলৰ মহাত্মা গান্ধী চৰকাৰী চিকিৎসালয়ত ৰোগীক এন্দুৰে কামোৰাৰ এক ঘটনা পোহৰলৈ আহিছিল। নিগনিয়ে আই চি ইউত প্ৰৱেশ কৰি ৰোগীক কামুৰিছিল।
ইফালে ২০২১ চনৰ ডিচেম্বৰ মাহত ৰঙাৰেড্ডী জিলাৰ আন এখন চৰকাৰী আৱাসিক বিদ্যালয়ত ৯ গৰাকী ছাত্ৰ-ছাত্ৰীক এন্দুৰে কামুৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ