অসম লাইভ২৪ঃ আৰু উপায় নাই৷ ডুবি যোৱা কোম্পানী বেছিবলৈ সাঁজু অনিল আম্বানী৷ ৪০,০০০ কোটি টকাতকৈ অধিক ঋণত জৰ্জৰিত এতিয়া ৰিলায়েন্স কেপিটেল৷ এই সংস্থাটো ক্ৰয়ৰ বাবে যো-জা চলাইছে হিন্দুজা কোম্পানীয়ে৷ বিগত শুকুৰবাৰ ৰিলায়েন্স কেপিটেলক হিন্দুজা গোষ্ঠীৰ সংস্থা এছিয়া এণ্টাৰপ্ৰাইডৰ হাতত হস্তান্তৰ পৰাৰ শেষ তাৰিখ আছিল৷ ২০২৩ৰ ১৭ নৱেম্বৰ এই হস্তান্তৰৰ অনুমোদন দিছিল ৰিজাৰ্ভ বেংকে৷ তেওঁলোকে ৰিলায়েন্স কেপিটেলক ৬মাহৰ সময়সীমাও দিছিল৷ কিন্তু ৰিলায়েন্স কেপিটেলৰ সম্পদ হস্তান্তৰৰ বাবে আৰু কিছু সময় লাগিব বুলি জনাইছিল অনিল আম্বানীয়ে৷ সূত্ৰৰ খবৰ অনুসৰি ব্যৱসায় স্থানান্তৰণৰ সময়সীমা আৰু ১০ দিন বঢ়োৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত অনুৰোধ কৰিছিল অনিল আম্বানীয়ে৷
আৰ বি আইক আৰ চিএপি প্ৰশাসনে অনুৰোধ জনাইছিল, ২৭ মে পৰ্যন্ত সময়সীনা বঢ়োৱা হওক৷ চলিত বছৰৰ ২৭ ফেব্ৰুৱাৰীত নেশ্ব্যনেল কোম্পানী ল ট্ৰাইবুনেল মুম্বাই শাখাৰ পক্ষৰ পৰা জনোৱা অনুসৰি ৰিলায়েন্স কেপিটেলৰ বাবে হিন্দুজা গোষ্ঠীৰ ফাৰ্ম, ইণ্ডাছইণ্ড ইণ্টাৰনেশ্ব্যনেল হোল্ডিংছ লিমিটেডৰ ৯৬৫০ কোটি টকাৰ ৰেজোলিউছন প্লেন অনুমোদন কৰিছিল৷ সেই সময়ত ইণ্ডাছইণ্ড ইণ্টাৰনেশ্ব্যনেল হোল্ডিংছ লিমিটেডক তেওঁলোকৰ পৰিকল্পনা বাস্তৱায়নৰ বাবে ৯০ দিন সময় দিছিল ট্ৰাইবুনেলে৷ ২৭ মে তাৰিখেই সেই ৯০ দিনৰ সময়সীমা শেষ হৈছে৷
২০২১ চনৰ নৱেম্বৰত ৰিলায়েন্স কেপিটেলৰ পুৰণি বৰ্ডক খাৰিজ কৰিছিল ৰিজাৰ্ভ বেংকে৷ পৰিচালনা সংক্ৰান্তিয় সমস্যা আৰু অৰ্থপ্ৰদানৰ ত্ৰুটিৰ অভিযোগ আছিল অনিল ধীৰুভাই আম্বানী গোষ্ঠীৰ এই সংস্থাৰ বিৰুদ্ধে৷ ইয়াৰ পাছতেই নাগেশ্বৰ ৰাও ৱাই ক সংস্থাৰ প্ৰশাসক হিচাপে নিযুক্ত কৰিছিল আৰবিআইয়ে৷ ২০২২ চনৰ ফেব্ৰুৱাৰীত সংস্থা অধিগ্ৰহণৰ বাবে দৰপত্ৰ বিচাৰি বিজ্ঞাপ্তিও দিছিল নাগেশ্বৰ ৰাওৱে৷ প্ৰত্যাশাৰ তুলনাত কম দাম দিয়াৰ বাবে প্ৰথম চাৰিজন আৱেদনকাৰীৰ ৰেজলিউশ্ব্যন প্লেন প্ৰত্যাখ্যান কৰিছিল বেংক কমিটিয়ে৷ পাছলৈ ইণ্ডছাইণ্ড ইণ্টাৰনেশ্ব্যনেল হোল্ডিংছ লিমিটেড আৰু টৰেণ্ট ইনভেষ্টমেন্টে নিলামৰ অংশ লয়৷ শেষ পৰ্যন্ত হিন্দুজা গোষ্ঠীৰ আইআইএইছএলে এই কোম্পানী ক্ৰয় কৰাৰ বাবে সমূহ প্ৰক্ৰিয়া আগবাঢ়িছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















