চোৰাংচোৱাৰ সন্দেহত দুজনকৈ সদস্যক আলফা(স্বাঃ) মৃত্যুদণ্ড দিয়াৰ পিছতো নিষিদ্ধ ঘোষিত সংগঠনটোলৈ যোৱা যুৱক-যুৱতীৰ সোঁত স্তব্ধ হোৱা নাই৷
এইবাৰ এগৰাকী উদীয়মান কণ্ঠশিল্পীয়ে নিষিদ্ধ ঘোষিত আলফা(স্বাঃ)ত যোগদান কৰাৰ খবৰ আহি পৰিছে৷
জানিব পৰা মতে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ উদীয়মান কণ্ঠশিল্পী অভিলেখ বড়া নামৰ যুৱকজনে আলফা(স্বাঃ) যোগদান কৰিছে৷
লগতে পঢ়ক দেশৰ কিমান পুৰুষ-মহিলাই ‘পত্নী’ৰ অসন্মতিসূচক যৌন সম্পৰ্কক স্বীকাৰ কৰে?
মৰাণৰ ২ নং চৰাইহাবি গাঁৱৰ নিবাসী শিক্ষক উচ্চকমল বড়াৰ একমাত্ৰ পুত্ৰ অভিলেখ বড়াই পত্নী আৰু এটি দুবছৰীয়া সন্তানক এৰি আলফা(স্বাঃ)ত যোগদান কৰা বুলি খবৰ আহিছে৷
যুৱকজনে যোৱা ৫ মে’ত স্কুটি লৈ মোবাইল মেৰামতি কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা মোবাইল ফোন বন্ধ পোৱা যায়৷ সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত পিছত বন্ধুৰ জৰিয়তে অভিলেখ বড়াই আলফা(স্বা)ত যোগদান কৰা বুলি জানিব পাৰে৷
লগতে পঢ়ক কোভিড সংহাৰৰ নৌযাওঁতেই আকৌ নতুন ভাইৰাছৰ আতংক!
ইয়াৰ পিছতে পৰিয়ালটোত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ মৰাণ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীৰ লাভ কৰা অভিলেখ বড়া এগৰাকী উদীয়মান কণ্ঠশিল্পীও৷ অহা ১৩ মে’ত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া সোণোৱাল কছাৰী সাহিত্য সভাত সংগীত পৰিৱেশন কৰাৰ কথা আছিল অভিলেখ বড়াই৷
ইফালে নিজ পুত্ৰ আৰু স্বামীক আলফা(স্বাঃ)ত যোগদান কৰাৰ খবৰ লাভ কৰিয়ে মৰ্মাহত হৈ পৰিছে অভিলেখ বড়াৰ পিতৃ-মাতৃসহ পত্নীয়ে৷ তেওঁলোকে অভিলেখ বড়াক পুনৰ নিজ ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ