মই এগৰাকী লেখক, মই লিখিছো৷ মই এগৰাকী ৰেছপনছিবল মাদাৰ, এগৰাকী ৰেছপনছিবল লেখক হিচাপে মই লিখিছো৷ মুখ্যমন্ত্ৰী এজন পৰিপক্ক ৰাজনীতিবিদ, তেওঁক বিবেচনা কৰিবলৈ কথাখিনি এৰি দিছো৷ মই পৰিস্থিতি পৰ্যবেক্ষণ কৰি কথাখিনি লিখিছো৷ মই মুখ্যমন্ত্ৰীক কোনোধৰণৰ দাবী কৰা নাই৷ মুখ্যমন্ত্ৰীয়ে ৰীতা চৌধুৰীৰ ফেছবুক পোষ্টক লৈ দিয়া ৰিয়েকছনৰ পাছতেই এই মন্তব্য ৰীতা চৌধুৰীৰ৷
ৰীতা চৌধুৰীয়ে লগতে কয়, ‘মুখ্যমন্ত্ৰী এজনৰ সিদ্ধান্তৰ পাছত কি পৰিস্থিতি হ’ব সেই বিষয়ক লৈ মই মন্তব্য ৰাখিব নোৱাৰিম৷ SOPৰ পাছত পৰিস্থিতি কি হ’ব সেয়া মুখ্যমন্ত্ৰীয়েহে জানিব৷ মই সেই বিষয়ক লৈ কোনো মন্তব্য ৰাখিব নোৱাৰিম বা মোৰ মন্তব্যৰ কোনো মূল্যও নাই ইয়াত৷ মোৰ পৰিবেশ পৰ্যবেক্ষণ কৰি মনলৈ অহা ভাৱহে মই ফেছবুকত লিখিছো৷ মন্তব্য দিব পৰা পৰিস্থিতি এতিয়া নাই৷’
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰীতা চৌধুৰীয়ে নিজা মত দাঙি ধৰি কয়, জুবিনৰ মৃত্যুৱে মোৰ ভিতৰখন খেলিমেলি কৰি পেলাইছে৷ মই ভালকৈ ক’ব নোৱাৰিম এই বিষয়ত৷ জুবিনক মই বিশেষভাৱে পোৱা নাই৷ জুবিন গাৰ্গক মই সেই ইণ্টাৰভিউটোতহে পাইছো৷ জুবিনে পডকাষ্ট শেষ কৰি নামি আহোতে মোক সাবটি ধৰিছিল৷ তেতিয়া তেওঁৰ গাটো গৰম আছিল৷ পডকাষ্টটো লৈ থাকোতে গম পালে মই তাতেই তেওঁৰ শৰীৰৰ কথাটো উত্থাপন কৰিলোহেতেন৷ তেওঁ বিভিন্ন দিশত নিজকে পৰিচিত কৰিব খুজিছিল৷ বহুমুখী মানুহ হ’ব খুজিছিল জুবিন৷ জুবিন মানুহজনক সকলোৱে যেনেকৈ চাই মই অলপ বেলেগকৈ চাইছিলো৷ লেখক হিচাপে মই জুবিনৰ ভিতৰখন জুমি চাব খুজিছিলো৷ শাৰীৰিকভাৱে জুবিন অসুস্থ আছিল যদি তেনেকুৱা অৱস্থাত জুবিনক লৈ যাব নালাগিছিল৷ জুবিনৰ জীৱন পৰিক্ৰমাক মই ধৰিব খুজিয়েই জুবিনক সেইদিনা বিভিন্ন প্ৰশ্ন কৰিছিলো৷ সাগৰক লৈ জুবিনে কোৱা কথাবোৰে মোকো আচৰিত কৰি তুলিছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















