ঘৰৰ মাটিতে পৰাজিত, পৰাজয়ৰ পাছত কি ক’লে ৰিয়ানে
ঘৰৰ মাটি, ঘৰুৱা দৰ্শক, কিন্তু পৰাজিত ৰিয়ান টিম। কালি ২৬ মাৰ্চ তাৰিখে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত উৰিল আজিংক্যা ৰাহানেৰ দলৰ বিজয়ধ্বজ । ৮ উইকেটত পৰাজিত ৰিয়ান দল।
প্ৰতিযোগিতাখনৰ এইখন আছিল ষষ্ঠখন খেল, য’ মুখামুখি হৈছিল ৰিয়ানৰ ৰাজস্থান আৰু ৰাহানেৰ কলকাতা। এই খেলখনত কলকাতা দলে ৮ উইকেটত জয়লাভ কৰে। কলকাতাৰ এয়া আছিল প্ৰতিযোগিতাখনৰ প্ৰথমখন বিজয় হোৱা খেল।
তাৰ বিপৰীতে ৰাজস্থানৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয়। এই পৰাজয়ৰ পিছত ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগ কিছু হতাশ যেন দিখা যায়। কাৰণ ৰিয়ানৰ অধিনায়কত্বত এয়া একেলগে দ্বিতীয় পৰাজয়। মেচৰ পিছত ৰিয়ানে সদৰি কৰে দলটোৱে ক’ত ভুল কৰিলে যাৰ বাবে মেচখন তেওঁলোকৰ হাতৰ পৰা গুচি যায়।
নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই ১৫১ ৰাণ সংগ্ৰহ কৰিছিল ৰাজস্থান দলে। ৰিয়ান পৰাগে ৩ টা ছিক্স মাৰি মুঠ ২৫ ৰাণৰ কৰি আউট হয়। কলকাতাক ১৫২ ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৰাজস্থানে।
কলকাতাই ১৫২ ৰান খেদি ১৭ .৩ অভাৰতে লক্ষ্য পাৰ কৰি বিজয় সাব্যস্ত কৰে। যাৰ ফলত পুনৰবাৰ বিফলতাৰ সন্মুখিন হয় ৰিয়ান।
দ্বিতীয়বাৰ পৰাজিত হৈ ৰিয়ান কয়- ‘আমাৰ পৰিকল্পনা অনুসৰিয়ে আমি আগবাঢ়িছিলো। ১৭০ ৰান কৰাৰ বাবে ভাবিছিলো, কিন্তু ২০ ৰানৰ কৰাত বিফল হৈ ১৫১ হে কৰিব পাৰো। লগতে ডি কুকক সোনকালে আউট কৰাৰ কথা ভাবিছিলো। কিন্তু সেয়া হৈ নুঠে। বাস্তৱতে তেখেতে ভাল খেলিছে। ‘
‘এতিয়া সময় আহি পৰিছে আমি ভাল খেলাটো, লগতে খেলৰ পৰিনাম আমাৰ নামত অনাটো। আমি আমাৰ ভুলৰ পৰাই কিবা এটা নতুন শিকো। যাৰ ফলত সেই ভুল পুৰাই নকৰিবৰ বাবে আমি চেষ্টা কৰো। নেক্সট খেল খন জয় হোৱাৰ বাবে আমি সকলো চেষ্টা কৰিম। ‘
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ