ইতিহাস ৰচিলে ৰোহিত শৰ্মাই, নিজৰ নামত কৰিলে বিশাল ৰেকৰ্ড, ভংগ কৰিবলৈ দূৰ দূৰলৈ নাই কোনো
টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই কেৰিয়াৰৰ নতুন উচ্চতা স্পৰ্শ কৰিছে। টি-২০ বিশ্বকাপৰ ট্ৰফী জয় কৰাৰ পিছত এতিয়া এদিনীয়া মেচতো গঢ়িছে ৰেকৰ্ড। শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত তেওঁৰ নামত ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এক বিশেষ কৃতিত্ব অৰ্জন কৰা বিশ্বৰ ১ নম্বৰ অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰোহিত।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰোহিত শৰ্মাই এনে এক কৃতিত্ব অৰ্জন কৰিছে, যিটো আজিলৈকে কোনো অধিনায়কে কৰিব পৰা নাছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ছয় সংগ্ৰহ কৰা বিশ্বৰ ১ নম্বৰ অধিনায়ক হিচাপে পৰিগণিত হৈছে হিটমেন।
শ্ৰীলংকাৰ বিৰুদ্ধে ৩টা ছয় কৰি ৰোহিতে নিজৰ নামত এই অভিলেখ গঢ়ে। এই বিষয়ত ৰোহিতে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক ইয়ন মৰ্গানৰ অভিলেখ ভংগ কৰে। যিয়ে অধিনায়ক হিচাপে ২৩৩টা ছয় কৰিছিল। এই মেচখনৰ পূৰ্বে ৰোহিতে ২৩১টা ছয় কৰিছিল। আজি তিনিটা ছয় কৰি মৰ্গানক অতিক্ৰম কৰে। এই তালিকাত ভাৰতীয় প্রাক্তন অধিনায়ক এম এছ ধোনী ২১১টা ছয়ৰে তৃতীয় স্থানত আছে৷
ইয়াৰ লগে লগে ৰোহিতৰ লক্ষ্যৰ অধীনলৈ আহিছে আন এক বিশেষ অভিলেখ। হিটমেনে এদিনীয়া কেৰিয়াৰত এতিয়ালৈকে ৩২৬টা ছয় কৰিছে। এই বিষয়ত তেওঁ বৰ্তমান তৃতীয় স্থান দখল কৰিছে। যদি তেওঁ আৰু ৬টা ছয় কৰে তেন্তে তেওঁ ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ক্ৰীছ গেইলৰ অভিলেখ ভংগ কৰিব। এই তালিকাত দ্বিতীয় স্থানত থকা গেইলে এদিনীয়া কেৰিয়াৰত ৩৩১টা ছয় কৰিছে।
অতি সোনকালে ৰোহিতে এই অভিলেখো ভংগ কৰিব পাৰে। এদিনীয়া কেৰিয়াৰত সৰ্বাধিক ছয়ৰ অভিলেখ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদিৰ নামত আছে। শ্বাহিদে ৩৫১টা ছয় কৰিছিল। এই দুয়োগৰাকীকে পিছ পেলাই ৰোহিত শীৰ্ষত উপনীত হোৱাৰ দিশে। কিয়নো বৰ্তমানে এই দুয়োগৰাকী খেলুৱৈয়ে অৱসৰ গ্ৰহণ কৰিছে, তাৰ বিপৰীতে ৰোহিতে এতিয়াও খেলি আছে।
যদি তিনিওটা ফৰ্মেট টেষ্ট, এদিনীয়া আৰু টি-২০ ইণ্টাৰনেশ্যনেলৰ কথা আহে তেন্তে এই বিষয়ত হিটমেন ৰোহিত শৰ্মা ১ নম্বৰত আছে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত মুঠ ৬১২টা ছয় কৰিছে ৰোহিচে। ৰোহিতৰ পিছত ক্ৰীছ গেইলৰ নাম । তিনিওটা ফৰ্মেটতে মুঠ ৫৫৩টা ছয় কৰিছে। এই বিষয়ত তৃতীয় স্থানত আছে শ্বাহিদ আফ্ৰিদি। তেওঁ ৪৭৬টা ছয় কৰিছিল। অতি সোনকালে ৰোহিত ছয়ৰ ক্ষেত্ৰত সকলোতে ১ নম্বৰ হ’ব বুলি আশা অনুৰাগীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ