গালৱানত ভাৰতৰ সৈতে চীনৰ সংঘৰ্ষৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ সামৰিক ক্ষেত্ৰৰ সম্পৰ্ক ক্ৰমাৎ সুদৃঢ় হোৱাত চিন্তিত হৈছে চীন। ভিক্ট’ৰিয়েল দিৱসৰ দিনা ৰাছিয়াত উপস্থিত হৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী য়ুৰি বৰিছ’ভৰ সৈতে আলোচনাত মিলিত হয়। প্ৰকাশিত বাতৰি অনুসৰি, সকলোতকৈ উচ্চ প্ৰযুক্তিসম্পন্ন এণ্টি ডিফেন্স মিছাইল ছিষ্টেম ভাৰতক শীঘ্ৰে প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে চীনৰ চৰকাৰী খবৰপত্ৰ Peoples Daily-এ ভাৰতক নতুন মাৰণাস্ত্ৰ প্ৰদান নকৰিবলৈ ৰুছক অনুৰোধ কৰিছিল যদিও ৰাছিয়াই চীনৰ অনুৰোধক নস্যাৎ কৰি শীঘ্ৰে মিছাইল প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হোৱাৰ পাছত ৰাজনাথ সিঙে কয়-‘ ৰাছিয়া আৰু ভাৰতৰ মাজত বিশেষ সহযোগিতা আছে। অতিশীঘ্ৰে ভাৰতৰ সৈতে হোৱা ৰাছিয়াৰ বুজাবুজি কাৰ্যক্ষেত্ৰত ৰূপায়ন কৰাৰ আশ্বাস দিছে ৰাছিয়াই। এই আলোচনা যোগাত্মক। মহামাৰীৰ ত্ৰাসৰ সময়তো আমাৰ মাজত দ্বিপাক্ষিক সম্বন্ধ অটুট আছে। মোক বিশ্বাস প্ৰদান কৰিছে যে আমাৰ সৈতে হোৱা বুজাবুজি চুক্তিসমূহ অটুট থাকিব। কেৱল এয়াই নহয়, বৰঞ্চ কম সময়ৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।’ সেইমৰ্মেই ভাৰতে ৰাছিয়াৰ পৰা শীঘ্ৰে লাভ কৰিব অত্যাধুনিক ‘এণ্টি ডিফেন্স ছিষ্টেম S-400 মিছাইল’। ২০১৮চনতে ৪০,০০০ কোটি টকাৰ বিনিময়ত ভাৰতে বিশ্বৰ আটাইতকৈ উচ্চ প্ৰযুক্তিসম্পন্ন মিছাইল S-400 ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰিত কৰিছিল। বৰ্তমান ভাৰতে ৰাছিয়াৰ পৰা ৫ টাকৈ ইউনিট ক্ৰয় কৰিবলৈ চুক্তি সম্পন্ন কৰিছে। ইয়াৰ উপৰি ৰাছিয়াৰ পৰা ৩১ খন যুদ্ধ বিমান ক্ৰয় কৰিছে। আনহাতে ভাৰতীয় নৌসেনাৰ বাবে ফ্ৰীগেট আৰু হেলিকপ্টাৰৰ দিয়াৰ চুক্তিও স্বাক্ষৰ কৰিছে। ৰাছিয়াৰ সৈতে এনে সামৰিক চুক্তিয়ে চীনক যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে – অসম লাইভ ২৪
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















