অসম লাইভ২৪ঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৯/১১ৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি কভিড মহামাৰীলৈকে। ইন্দোনেছিয়াৰ ছুনামী আৰু ব্ৰিটেইনৰ ব্ৰেক্সিট। তেওঁ ভৱিষ্যতদ্বাণীৰ সৈতে একাধিক ঘটনা হুবহু মিলি গৈছে। অন্ধ বৃদ্ধা বাবা ভাঙ্গাই কেনেকৈ ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ মৃত্যুক লৈয়ো ভৱিষ্যতদ্বাণী কৰি থৈ গৈছে। বাবা ভাঙ্গাৰ এই ভৱিষ্যতদ্বাণীক লৈ বিগত কেইবাদিনো ধৰি চলিছে চৰ্চা। বাবা ভাঙ্গাৰ ভৱিষ্যতদ্বাণী অনুসৰি, আগন্তুক বৰ্ষত অৰ্থাৎ ২৪ চনত নিজৰ দেশতেই হত্যা কৰা হ’ব পুটিনক। ৰুছ প্ৰেছিডেণ্টৰ নিছেই কাষৰ ব্যক্তিয়েই তেওঁক হত্যা কৰিব। নিৰাপত্তা যিমানেই শক্তিশালী নহওক কিয় সকলো বাধা থেলি পুটিনক হত্যা কৰা হ’ব। এই বিপদৰ পৰা ৰক্ষা পাবলৈ পুটিনৰ হাতত কোনো উপায়ো নাই।
উল্লেখ্য যে কিছুদিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ ৰুছ প্ৰেছিডেণ্টৰ মৃত্যু হোৱা বুলিয়েই এক খবৰ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। ইয়াৰ পাছতেই টেলিগ্ৰাম চেনেলে দাবী কৰিছিল যে, ‘কাৰ্ডিয়াত অৱাৰেষ্টৰ কাৰণে তেওঁ নিজৰ ঘৰতেই বাগৰি পৰিছিল। দ্ৰুততৰভাৱে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। হাস্পতালতেই পুটিনৰ মৃত্যুও হৈছে।’ টেলিগ্ৰাম চেনেলত ভাইৰেল হোৱা এই তথ্য অৱশ্যে ভুৱা প্ৰমাণিত হয়। এই নিউজ ভাইৰেল হোৱাৰ কেইটামান ঘণ্টাৰ পাছতেই বিশেষ বিবৃত্তি দিয়ে মস্কোৰ পৰা। তাত উল্লেখ কৰামতে প্ৰেছিডেণ্ট পুটিনৰ হাৰ্টৰ ৰোগ সঁচা যদিও তেওঁৰ মৃত্যু হোৱাৰ খবৰ সম্পূৰ্ণ ভুৱা। ৰাছিয়াক লৈ ভুৱা খবৰ বিয়পোৱাৰ বাবেই একাংশই এই কথা প্ৰকাশ কৰিছে।
২০২২ ৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেন আক্ৰমণৰ নিদেশ দিছিল ৰুছ প্ৰেছিডেণ্টে। তাৰ পিছৰে পৰাই তেওঁৰ স্বাস্থ্যক লৈ বিভিন্ন ভুৱা খবৰ ভাইৰেল হৈয়েই আছে। কেতিয়াবা কোনোবা চেনেলে যদি কৈছে তেওঁ কৰ্কটত আক্ৰান্ত, কোনোৱে আকৌ দাবী কৰিছে তেওঁৰ আলঝাইমাৰ আছে। আনকি পুটিনৰ দেহৰ ছডিয়াম পটাছিয়াম লেবেলো ঠিকে নাই বুলি একাংশ সংবাদমাধ্যমে দাবী কৰি আহিছে।
এই সকলোবোৰ চৰ্চা ঠেলি এইবাৰ ভাইৰেল হোৱা খবৰে দৃষ্টি কাঢ়িছে বহুজনৰ। বাবা ভাঙ্গাৰ ভৱিষ্যতদ্বাণীয়ে সকলো সংবাদ শিৰোনাম দখল কৰিছে। ভাংগাৰ এই ভৱিষ্যতদ্বাণীৰ চৰ্চা চলিলেও ৰাছিয়াই বিষয়টো সন্দৰ্ভত মুখ খোলা নাই। অৱশ্যে ভাংগাই পুটিনৰ মৃত্যুৰ কথা কোৱাৰ ওপৰিও ৰাছিয়াক লৈ আন এক ভৱিষ্যতদ্বাণীও কৰি গৈছে, ‘এদিন বিশ্বক শাসন কৰিব মস্কোৱে। ৰাছিয়া অপ্ৰতিৰোধ্য হৈ পৰিব।’ ১৯১১ চনত বুলগেৰিয়াত জন্ম হৈছিল বাবা ভাংগাৰ। মাত্ৰ ১২ বছৰ বয়সত দৃষ্টি হেৰুৱাই তেওঁ। তাৰপিছতেই খুল খাই বাবাৰ অন্তৰ্দৃষ্টি। ধীৰে ধীৰে ভৱিষ্যৎদ্ৰষ্টা হিচাপে বিশ্বত তেওঁৰ খ্যাতি বিয়পি পৰে। ১৯৯৬ চনত মৃত্যু হয় বাবা ভাংগাৰ। বাবা ভাংগাৰ মৃত্যু হ’লেও তেওঁৰ ভৱিষ্যতদ্বাণী আজিও প্ৰাসংগিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ