মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে আইপিএল ২০২২ৰ পৰা নিজৰ শ্ৰেষ্ঠ ১১ গৰাকী খেলুৱৈক বাছি লৈ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলটো গঠন কৰিছে৷
২০২২ বৰ্ষৰ প্ৰতিযোগিতাখন সমাপ্ত হোৱাৰ পিছতে বিশ্বৰ প্ৰবাদপ্ৰতীম ক্ৰিকেটাৰ টেণ্ডুলকাৰে ২০২২ বৰ্ষৰ আইপিএলৰ তেওঁৰ শ্ৰেষ্ঠ দলটো গঠন কৰিছে৷
উল্লেখ্য যে যোৱা ২৯ মে’ত অনুষ্ঠিত আইপিএল ২০২২ৰ চূড়ান্ত খেলখনত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি খিতাপ দখল কৰিছে৷
লগতে পঢ়ক ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?
টেণ্ডুলকাৰে তেওঁৰ শ্ৰেষ্ঠ একাদশৰ অধিনায়কৰ দায়িত্ব দিছে এইবাৰ বিজয়ী দলটোৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক৷
প্ৰতিযোগিতাত শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা বৰ্তমান ভাৰতীয় ক্ৰিকেটৰ দুই তাৰকা আৰচিবিৰ অধিনায়ক বিৰাট কোহলী আৰু মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই শচীন টেণ্ডুলকাৰৰ শ্ৰেষ্ঠ একাদশত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷
শচীন টেণ্ডুলকাৰৰ আই পি এল ২০২২ৰ শ্ৰেষ্ঠ একাদশ: জোছ বাটলাৰ, শিখৰ ধৱন, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ডেভিড মিলাৰ, লিয়াম লিভিংষ্টোন, দীনেশ কাৰ্তিক, ৰছিদ খান, মহম্মদ ছামি, যছপ্ৰীত বুমৰাহ আৰু যুজভেন্দ্ৰ চাহাল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ