ডিজিটেল ডেস্কঃ দিন-কাল এতিয়া সলনি হয়। সময়ৰ সৈতে সলনি হৈছে মানুহৰ মন-মানসিকতা। বহু ডাঙৰ ডাঙৰ কথাত মন নিদিয়া এতিয়াৰ একাংশ মানুহে সৰু সৰু কথাকেই ডাঙৰ ইচ্ছ্যু কৰিবলৈ ল’লে। শেহতীয়াকৈ তেনে এটা ঘটনাই সংঘটিল হল। শাহু মাকে মোবাইলত ৰীলছ চাই সকলো ডাটা শেষ কৰাৰ পাছতে খঙত টিঙিৰি তুলা হৈ বোৱাৰীয়েকে আৰক্ষীৰ ওচৰ চপাৰ দৰে ঘটনা সংঘটিত হৈছে।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ কৰা খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ ছহাৰনপুৰত সংঘটিত হৈছে এই ঘটনাটো। ২২বছৰীয়া বোৱাৰীয়েকে ৫৫বছৰীয়া শাহুয়েকৰ বিৰুদ্ধে এক আজৱ অভিযোগ লৈ উপস্থিল হলগৈ থানাত। বোৱাৰীয়েকৰ অভিযোগ যে, দিনৰ দিনটো মোবাইলত ৰীলছ চাই প্ৰতিদিনেই মোবাইলৰ ডাটা পেক শেষ কৰি থয় শাহু মাকে। একো কামতে সহায় নকৰি দিনৰ দিনটো ৰীলছ আৰু চিৰিয়েলতে ব্যস্ত থাকে বুলি শাহু মাকৰ ওপৰত অভিযোগ কৰি বোৱাৰীয়েকে ন্যায় লাগে বুলি কলে আৰক্ষীৰ ওচৰত।
ইফালে থানাত উপস্থিত হোৱাৰ পাছত শাহুয়েকেও বোৱাৰীয়েকৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে, মই নহয় তেওঁ নিজেই মোবাইলত ব্যস্ত হৈ থাকে। দিনৰ দিনটো তেওঁ ভনীয়েক নাইবা মাকৰ ঘৰৰ সৈতে ফোনত কথা পাতি থাকে।”বোৱাৰীয়েক-শাহুৱেকৰ মাজত এই যুদ্ধক লৈ বিপাঙত পৰে আৰক্ষীও। আৰক্ষীয়ে ঘৰৰ পুৰুষ সদস্যক থানালৈ মতাই আনি ঘৰতে এই বিষয়টো মীমাংসা কৰিবলৈ আহ্বান জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ