অসম লাইভ২৪ঃ খান পৰিয়ালক বিপদে লগ এৰা নাই৷ ছলমানৰ গেলেক্সিত দুৰ্বৃত্তৰ আক্ৰমণৰ পাছতেই এইবাৰ ছলমানৰ একমাত্ৰ ভনীয়েক অৰ্পিতাৰ সংসাৰ ভঙাৰ পথত!দীৰ্ঘ ১০ বছৰীয়া সংসাৰত ভাঙোন আহিছে৷ ২০১৪ত আয়ুশ শৰ্মাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল অৰ্পিতাই৷ ১০ বছৰীয়া এখন সুখৰ সংসাৰ৷ সেই সংসাৰত হঠাৎ ভাঙোন! নতুন ছবি মুক্তিৰ পাছতেই বিবাহ বিচ্ছেদৰ পথত আয়ুশ আৰু অৰ্পিতাৰ৷ বিবাহ বিচ্ছেদৰ বিষয়টোক লৈ মুখ খুলিছে আয়ুশ শৰ্মাই৷
২০১৪ ত আয়ুশ-অৰ্পিতাৰ বিবাহৰ পাছত একাধিকবাৰ তেওঁলোকৰ ডিভোৰ্চৰ গুঞ্জৰ উঠিছে৷ সম্প্ৰতি এক সাক্ষাৎকাৰত বিবাহবিচ্ছেদক লৈ বিশেষ মন্তব্য কৰিছে অভিনেতা আয়ুশ শৰ্মাই৷ আয়ুশে কয়, ‘সন্তানৰ সৈতে বহি মই দোচা খাই আছিলো৷ হঠাৎ পাপাৰাজ্জি আহি কয়, অৰ্পিতাৰ সৈতে ডিভোৰ্চ হৈছে৷ মই আচৰিত হৈ পৰিলো৷ মোক আন এটা প্ৰশ্ন কৰে, ডিভোৰ্ছৰ আবেদন আপুনি কৰিছেনে অৰ্পিতাই? এই কথা শুনি কেই ছেকণ্ডমান মই বাকৰূদ্ধ হৈ পৰিলো৷ কি উত্তৰ দিম? যেতিয়াই এই কথা মনলৈ আহে তেতিয়াই হাঁহি উঠে৷ বিষয়টো মই অৰ্পিতাক কৈছিলো৷ অৰ্পিতাইয়ো হাঁহিছিল৷ অৰ্পিতাক সুধিছিলো, মোক ডিভোৰ্ছ দিবা নেকি? তাই হাঁহিছিল৷’
সাক্ষাৎকাৰটোত আয়ুশে অৰ্পিতাৰ ভূয়সী প্ৰশংসা কৰিছে৷ আয়ুশৰ প্ৰতিটো পদক্ষেপৰ আঁৰৰ নাৰীগৰাকীয়েই অৰ্পিতা৷ অৰ্পিতাই সকলো কামতে সাহস যোগাই বুলি আয়ুশে সাক্ষাৎকাৰটোত অকপট স্বীকাৰোক্তিও দাঙি ধৰিছে৷ আয়ুশে জনাই যে, তেওঁ আৰু ছবি কৰি যাব বিচাৰে৷ ভাল চিত্ৰনাট্যৰ মানুহক আকৰ্ষিত কৰে৷ ভাল চিনেমা চাই পত্নী অৰ্পিতাৰ সৈতে আলোচনা কৰিহে মই সিদ্ধান্ত লও৷ অৰ্পিতা অবিহনে মই সিদ্ধান্ত ল’ব নোৱাৰো৷ তাই মোৰ চিনেমাৰ শ্ৰেষ্ঠ দৰ্শক৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ