কেন হয় বিশ্বজুৰি চৰ্চিত ছালৱান মমিকা, টিকটকত লাইভ ষ্ট্ৰীমিঙৰ সময়তে ঘটে ঘটনা
বৰ্তমানে সমগ্ৰ বিশ্বতে বিশেষভাৱে চৰ্চাৰ বিষয় হৈ আছে এজন ব্যক্তি। নাম ছালৱান মমিকা। ছালৱান আছিল ইৰাকৰ নাগৰিক, যাৰ মৃতদেহ ছুইডেনত উদ্ধাৰ হৈছিল।
আচলতে কিছুদিন পূৰ্বে ছালৱানে ইছলামৰ পবিত্ৰ গ্ৰন্থ কোৰাণৰ কেইবাটাও কপি জ্বলাই দিছিল। সেই ঘটনাৰ পাছতে ২৯ জানুৱাৰী তাৰিখে মৃতদেহ উদ্ধাৰ হৈছিল ছালৱানৰ, উদ্ধাৰ হোৱা মৃতদেহত গুলীৰ চিন স্পষ্ট আছিল।
জানিব পৰা মতে, ক্ষমতা সংগ্ৰামৰ পিছত ইৰাকৰ পৰা পলায়ন কৰা এজন প্ৰাক্তন ইৰাকী মিলিচীয়া নেতা আছিল ছালৱান মমিকা। যোৱা বুধবাৰে ছালৱানক গুলীয়াই হত্যা কৰে। ষ্টকহোমৰ সমীপৰ ছ’ডেটেলে অঞ্চলত গুলীবিদ্ধ হৈছিল ৩৮ বছৰীয়া ছালৱান মমিকা।
ছুইডেনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মমিকাক টিকটকত লাইভ ষ্ট্ৰীমিং কৰি থকাৰ সময়তে তেওঁক গুলীয়াই হত্যা কৰে। ভাইৰেল হোৱা এক ভিডিঅ’ত দেখা গৈছে য’ত আৰক্ষীয়ে তেওঁৰ ফোন কাঢ়ি লৈলাইভষ্ট্ৰিম শেষ কৰা দেখা গৈছে।
উল্লেখ্য যে, ২০২৩ চনত মমিতাই ঈদৰ সময়ত মুছলমান ধৰ্মীয় গ্ৰন্থ কোৰাণক অপমান কৰি বাতৰিৰ মাজলৈ আহিছিল। ছুইডেনৰ ৰাজধানী ষ্টকহ’মৰ সৰ্ববৃহৎ মছজিদৰ সন্মুখত কোৰাণৰ কপি জ্বলাই দিছিল ছালৱানে।
ছালৱানৰ কোৰান জ্বলোৱাৰ ভিডিঅ’ সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছিল। ফলত বহু মুছলমান দেশত ক্ষোভৰ সৃষ্টি হৈছিল। এই বিষয়ত ষ্টকহ’মৰ আদালততো ছালৱানৰ বিৰুদ্ধে গোচৰ চলি আছিল, যাৰ ৰায়দান বৃহস্পতিবাৰে দিয়া কথা আছিল যদিও তাৰ পূৰ্বে বুধবাৰে ছালৱানৰ মৃত্যু হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ