চামগুৰিৰ বৰাজান ব্লকৰ ৰূপহী ৰৌমাৰী পঞ্চায়তত লংকাকাণ্ড। পঞ্চায়তখনৰ গাঁওসভাত কংগ্ৰেছ কৰ্মী আৰু পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে বিজেপি কৰ্মীক প্ৰহাৰৰ অভিযোগ। পঞ্চায়ত সভানেত্ৰীৰ স্বামী নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে পি*ষ্টলেৰে বিজেপি কৰ্মীক গুলীয়াই হ*ত্যা কৰাৰ অপচেষ্টা চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত নুৰুল আমিন চৌধুৰী, কাছেম আলী, গুৰফান আলীকে ধৰি ১২জনীয়া কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে বিজেপি কৰ্মীসকলে।

উল্লেখ্য যে অভিযোগ অনুসৰি ইয়াৰ পূৰ্বে পঞ্চায়ত সভানেত্ৰী আৰু সভানেত্ৰীগৰাকীৰ স্বামী নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে গাঁওপঞ্চায়তখনৰ বিজেপি কৰ্মীসকলে খণ্ড উন্নয়ন বিষয়াক দুৰ্নীতিৰ অভিযোগ দাখিল কৰিছিল। এম জি এনৰেগাৰ চৰকাৰী ধনৰ কোনো কাম নকৰাকৈ ধন আত্মসাতৰ অভিযোগ খণ্ড উন্নয়ন বিষয়াক দাখিল কৰাৰ পিছতো কোনো সঠিক উত্তৰ নোপোৱাৰো অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মীসকলে।

ইয়াৰ পিছতে আজি পঞ্চায়তখনৰ এখন সভাত সভানেত্ৰীৰ স্বামী নুৰুল আমিন চৌধুৰীক নীতিবহিৰ্ভূতভাৱে সভাপতি পাতি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাতে সভাপতিৰ আসনৰ পৰা নুৰুল আমি চৌধুৰীয়ে বিজেপি কৰ্মীসকলক আক্ৰমণৰ হুংকাৰ দিয়াৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে হঠাতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। অভিযুক্ত নুৰুল আমিন চৌধুৰীয়ে পিষ্ট*ল উলিয়াই উপস্থিত বিজেপিৰ কৰ্মীক হ*ত্যাৰ অপচেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও বিজেপি কৰ্মীসকলক চোকা অস্ত্ৰৰে আক্ৰমণৰো অভিযোগ উত্থাপন হয়। লগতে দুই পক্ষৰ হতাহতিত কাৰ্যালয়টোৰ আচবাবসমূহ ভাঙি লণ্ডভণ্ড হয় বুলি অভিযোগ উত্থাপিত হৈছে। কংগ্ৰেছকৰ্মীসকলৰ আক্ৰমণত কেইবাজনো বিজেপি কৰ্মী আহত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















