কলকাতা ঘটনাৰ পুনৰ নতুন তথ্য সদৰি, নিশা ৩ বজালৈ ঠিকে আছিল সকলো, অভিযুক্ত সঞ্জয়ৰ অকপত স্বীকাৰোক্তি
কলকাতাৰ আৰ জি কাৰ হাস্পতালত এগৰাকী চিকিৎসকৰ ধৰ্ষণ হত্যাৰ গোচৰত দুটা ডাঙৰ তথ্য প্ৰকাশ। চিবিআইৰ তদন্তত পোহৰলৈ আহিছে যে এই ঘটনাৰ নিশা প্ৰায় ৩ বজালৈকে মহিলা চিকিৎসকগৰাকী জীয়াই আছিল, যাৰ প্ৰমাণ পোৱা গৈছে। আনহাতে অভিযুক্ত সঞ্জয় ৰায়ক ঘটনাৰ নিশা প্ৰায় ৪ বজাত চিকিৎসালয়ত দেখা পোৱাৰ কথাও প্ৰকাশ পাইছে।
চিকিৎসালয়ত সঞ্জয়ক ৰোগী আৰু আত্মীয়ই প্ৰত্যক্ষ কৰিছিল। চিচিটিভিৰ ফুটেজ চাই সকলোৱে এই চিনাক্তকৰণ কৰে। সঞ্জয়েও জানিছিল যে আৰক্ষীয়ে তাক বিচাৰিছে, ইয়াৰ পিছতো অভিযুক্তই ঘৰলৈ গৈ সুৰা সেৱন কৰি শুই গৈছিল।
চিবিআইৰ সূত্ৰ অনুসৰি যোৱা ৯ আগষ্টৰ পুৱা প্ৰায় ২:৪৫ বজাত চিকিৎসকগৰাকী জীয়াই আছিল আৰু এই কথা নিশ্চিত কৰিছে হোৱাটছএপ যোগে সম্পৰ্কীয় কাৰোবাক দিয়া মেছেজৰ উত্তৰত। জেৰাৰ সময়ত চিকিৎসকৰ সম্পৰ্কীয়ই সেই বাৰ্তা দেখুৱাইছিল, যিটো প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হ’ব, কিন্তু চিবিআইয়েও জানিবলৈ চেষ্টা কৰিছে যে এই বাৰ্তাটো চিকিৎসকে নিজেই প্ৰেৰণ কৰিছিল নে আন কোনোৱে চিকিৎসগৰাকীৰ মোবাইল ব্যৱহাৰ কৰিছিল।
আনহাতে প্ৰমাণ হিচাপে চিবিআইয়ে জব্দ কৰিছে সঞ্জয় ৰায়ৰ বাইক। এই বাইকখনত কলকাতা পুলিচ লিখা আছে, সেয়েহে চিবিআইয়ে তদন্ত কৰি আছিল যে বাইকখনত কলকাতা পুলিচ কিয় লিখা আছিল? এই বিষয়ে তদন্ত কৰোতে বাইকখনৰ কাগজ-পত্ৰ পৰীক্ষা কৰাৰ সময়ত সঞ্জয় ৰায়ৰ বাইকখন আৰক্ষী আয়ুক্তৰ নামত পঞ্জীয়ন হোৱা বুলি ধৰা পৰে যদিও উপায়ুক্তৰ নাম প্ৰকাশ কৰা হোৱা নাই যদিও বাইকখনৰ সত্যতা ওলাই পৰিছে ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ