নিজৰেই মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল সঞ্জীৱ কুমাৰে, যি পাছলৈ সঁচা বুলিও প্ৰমাণিত হৈছিল
ভাৰতীয় চিনেমাৰ এগৰাকী সুদক্ষ অভিনেতা। ১৯৬০ ৰ পৰা ১৯৮৫ চনলৈ ভাৰতীয় চিনেমাত দেখুৱাইছে নিজৰ অভিনয়ৰ দক্ষতা। ডেকা হিৰোৰ পৰা আৰম্ভ কৰি ডেকা কালতেই বুঢ়া লোকৰো অভিনয় অতি সাৱলিল ভাৱে কৰিছিল অভিনেতাগৰাকীয়ে।
সেই অভিনেতাগৰাকীয়ে নিজৰ মৃত্যু সন্দৰ্ভত কৰিছিল এক ভৱিষ্যতবাণী। যি পাছলৈ সঁচা বুলিও প্ৰমাণিত হৈছিল। সেই অভিনেতাগৰাকী হৈছে ভাৰতীয় চিনেমাত হৰি ভাই হিচাপে পৰিচিত সঞ্জীৱ কুমাৰ।
‘এন এক্সপাৰ্ট এক্টৰ- দ অথ’ৰাইজড বায়োগ্ৰাফী অফ সঞ্জীৱ কুমাৰ’ ৰ লেখত হনীফ জাভেৰীয়ে কিতাপখনত উল্লেখ কৰা অনুসৰি সঞ্জীৱ কুমাৰ আৰু অভিনেত্ৰী তব্বচুমে এবাৰ কথা বতৰাৰ মাজতে কৈছিল অভিনেতাগৰাকীয়ে ইমান সাৱলিল ভাৱে ডেকা কালতে বুঢ়া লোকৰ অভিনয় কেনেকৈ কৰে।
এই সন্দৰ্ভত সঞ্জীৱ কুমাৰে কৈছিল- আমাৰ বংশৰ কোনো পুৰুষেই ৫০ বছৰৰ ওপৰ জীয়াই থকা নাই। মোৰো একেই দশা হব। সেয়ে যিহেতু জীৱন কালত বুঢ়া কাল নাপাও সেয়ে অভিনয় কৰিয়ে বুঢ়া হোৱাৰ আমেজ লৈছো।
যি পাছলৈ সঁচাকৈ অভিনেতাগৰাকী মাত্ৰ ৪৭ বছৰ বয়সতে এই পৃথিৱী এৰি থৈ যায়। অভিনয়ৰ শিখৰত থকা সময়তে ১৯৮৫ চনৰ ৬ নৱেম্বৰ তাৰিখে নিজৰ ভৱিষ্যতবাণী সঁচা প্ৰমাণিত কৰি চিৰ বিদায় মাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ