টি-২০ বিশ্বকাপ খেলৰ ফাইনেলত খেলাৰ কথা আছিল, পাছে ৰোহিতে… সঞ্জু ছেমছনৰ মন্তব্যই লগাইছে তোলপাৰ
সঞ্জু ছেমছনে প্ৰকাশ কৰা মন্তব্যই লগাইছে তোলপাৰ। এক সাক্ষাতত দিয়া মন্তব্যৰ পাছতে এতিয়া চাঞ্চল্য। টি-২০ বিশ্বকাপৰ ফাইনেল সন্দৰ্ভত ছেমছনে নিজৰ মতামত দি কয় যে তেওঁ ফাইনেল খেলাৰ কথা আছিল, পাছে শেষ মুহূৰ্তত প্লেয়িং ১১ৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছিল ৰোহিত শৰ্মা।
বিমল কুমাৰৰ ইউটিউব চেনেলত এক সাক্ষাৎকাৰত সঞ্জুৱে এই কথা প্ৰকাশ কৰিছে। সাক্ষাৎকাৰত সঞ্জুৱে নিজৰ মতামত ব্যক্ত কৰি কয়, “ফাইনেলৰ পুৱা আছিল। মেচত খেলাৰ সুযোগ পোৱাৰ সম্ভাৱনা আছিল। মোক সাজু হ’বলৈ কোৱা হৈছিল মেনেজমেণ্টৰ ফালৰ পৰা। ফাইনেল খেলিবলৈ মইয়ো একেবাৰে সাজু আছিলোঁ। কিন্তু শেষ মুহুৰ্তত সেই সিদ্ধান্ত।” টছৰ ঠিক আগে আগে কেপ্টেইনে লৈছিল এক সিদ্ধান্ত, আৰু কৈছিল যে প্লেয়িং ১১ত কোনো পৰিৱৰ্তন নহ’ব।
চেমচনে আৰু কয়, “যেতিয়া এই কথাটো পোহৰলৈ আহিল, মই অলপ হতাশ হৈছিলো কিন্তু মই ভাবিছিলো, কোনো সমস্যা নাই, এনেকুৱা হয়েই… সেই সময়ত ৱাৰ্ম আপৰ সময়ত ৰোহিত ভাই মোৰ ওচৰলৈ আহি মোৰ লগত কথা পাতিছিল। ৰোহিত ভাইয়ে মোক বুজাই দিছিল যে তেওঁ কিয় এনে সিদ্ধান্ত হৈছে।
সঞ্জুৱে, ৰোহিতৰ বিষয়ে আৰু কয়, “ৰোহিত ভাইয়ে মোক নিজৰ ধৰণেৰে বুজাই দিয়ে… মই তেতিয়া কও যে হয় মই বুজি পাওঁ… আপোনালোকে গৈ মেচখন খেলক। আমি মেচখন জয় কৰাৰ পিছত এই বিষয়ে কথা পাতিম।”
ইয়াৰ পিছত ৰোহিত গুচি যায় কিন্তু ১ মিনিট পিছত আকৌ আহি মোক কয়, “তুমি মনৰ মাজত মোৰ বিষয়ে চাগে বহু কিবাকিবি কথা কৈ আছা, মোৰ এনে লাগে যেন তুমি সুখী নহয়।”
ৰোহিত ভাইয়ে এই কথা কোৱাৰ পিছত মই ক’লোঁ, “নাই ভাই…এনেকুৱা একো নহয় ইয়াৰ পিছত আমি অলপ সময় ৰোহিত ভাইৰ লগত কথা-বতৰা পাতিলোঁ ।
সঞ্জুৱে সাক্ষাৎকাৰৰ সময়ত কয়, মই অলপ দুখ অনুভৱ কৰিছিলো, যদিও ৰোহিত ভাইৰ লগত কথা পাতি ৰোহিত ভাইৰ বিষয়ে এটা কথা ভাল লাগিছিল যে তেওঁ মোৰ লগত টছৰ আগ আগে কথা পাতিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ